চীনৰ অৱদমনৰ বিৰুদ্ধে আন এজন তিব্বতীৰ আত্মজাহ

তিব্বতৰ ওপৰত চীনৰ অৱদমনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আত্মজাহ কৰা বুলি প্ৰচাৰিত এক শিহৰণকাৰী ভিডিঅ’ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। the Mirror নামৰ ব্ৰিটিছ টেবলয়ডখনৰ ৱেবছাইটত এই ভিডিঅ’ আৰু তাৰ সৱিশেষ বাতৰিটো প্ৰচাৰিত হৈছে। ব্ৰিটিছ দৈনিক টেবলয়ডখনে দাবী কৰা মতে ভিডিঅ’টোত দেখা পোৱা গাত জুই লগাই দৌৰি যোৱা ব্যক্তিজন এজন তিব্বতী ভিক্ষু আৰু তেওঁ গাত জুই লগোৱাৰ পূৰ্বে তিব্বতৰ ওপৰত চীনৰ অৱদমনৰ বিৰুদ্ধে শ্ল’গান দিছিল। ঘটনাটোৰ স্থান চীনৰ চিচুৱান প্ৰদেশৰ অন্তৰ্ভুক্ত কৰি থোৱা তিব্বতৰ নাগবা অঞ্চলৰ কীৰ্তি মঠৰ কাষত। টেবলয়ডখনে দাবী কৰা মতে ভিক্ষুজনক জুই লগোৱাৰ সময়ত দেখা পোৱা লোকসকলে তেওঁ তিব্বতৰ স্বাধীনতা বিচাৰি চিঞৰিছিল। চেণ্ট্ৰেল তিব্বেতান এডমিনিষ্ট্ৰেইশ্যনে (চি টি এ) কয় যে চীনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আত্ম বলিদান কৰা তিব্বতীৰ সংখ্যা বৃদ্ধিত তেওঁলোক উদ্বিগ্ন হৈছে। চি টি এৰ সভাপতি ড০ লবচাং চংগাভে কয় : চি টি এই বাৰম্বাৰ কৰা আহ্বানৰ পিছতো ২০০৯ চনৰ পৰা আত্মজাহ কৰা তিব্বতীৰ সংখ্যা নিচে কমেও ১৫০ ৰ সীমা পাৰ হৈছে।

ঘটনাটো সংঘটিত হোৱাৰ কোনো তাৰিখ উল্লেখ নকৰাৰ লগতে টেবলয়ডখনে প্ৰতিবাদী আত্মজাহকাৰীৰ পৰিচয় বা গাত জুই লগোৱাৰ পিছত তেওঁৰ অৱস্থা সম্পৰ্কে কোনো ইংগিত দিয়া নাই। আনহাতে মিৰৰ সূত্ৰটোত প্ৰকাশ যে চি টি এই এই বুলি অভিযোগ কৰিছে যে গাত জুই লগোৱা মানুহজনৰ জুই নুমুৱাৰ পিছত তেওঁৰ শৰীৰটো চীনা প্ৰশাসনে লৈ যায়।

উল্লেখযোগ্য যে তথ্য মতে ২০০৯ চনৰ ২৭ ফেব্ৰুৱাৰিৰ পৰা (টাপেই নামৰ এজন বৌদ্ধ ভিক্ষুৱে চিচুৱান প্ৰদেশৰ বজাৰৰ স্থানত নিজৰ গাত জুই লগাই প্ৰতিবাদ কৰাৰ ঘটনাৰ পৰা) এতিয়ালৈকে তিব্বতত ১৪৮ জনে আত্মজাহ কৰিছে। আনহাতে দুটা এনে আত্মজাহৰ ঘটনা বিতৰ্কৰ আৱৰ্তত। আত্মজাহ কৰা প্ৰায় সকলেই বৌদ্ধ ভিক্ষু বা প্ৰাক্তন ভিক্ষু বা ভিক্ষুণী। মিৰৰ নামৰ টেবলয়ডখনে এই দাবী কৰিছে।

আনহাতে ২০১২ চনত দালাই লামাই এটা মন্তব্যত কৈছিল যে তেওঁ আত্মজাহত উৎসাহ নদিয়ে, কিন্তু প্ৰতিবাদকাৰীসকলৰ সাহসক প্ৰশংসা কৰে। তেওঁ তিবেতত চীনৰ অৱদমনৰ বিৰুদ্ধে আত্মজাহক সংস্কৃতিৰ গণহত্যা বুলি ক’ব বিচাৰে।