• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চীন-ভাৰত সীমান্তত ঘটা যিকোনো ধৰণৰ অনুপ্ৰৱেশ চম্ভালিবলৈ সক্ষম ভাৰতীয় সেনা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 17, 2017 3:01 pm
133
VIEWS
Share on FacebookShare on Twitter

এটা গুৰুত্বপূৰ্ণ মন্তব্যত কালি ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ কমাণ্ডাৰ ইন চীফ লেফটেনেণ্ট জেনেৰেল অভয় কৃষ্ণই কৈছে যে বিবদমান ডোকলামকে ধৰি ভাৰত-চীন সীমান্তত হোৱা যিকোনো ধৰণৰ অনুপ্ৰৱেশৰ উপযুক্তভাৱে মোকাবিলা কৰিবলৈ ভাৰতীয় সেনা সম্পূৰ্ণকৈ সক্ষম আৰু সাজু হৈ আছে। কালি কলকাতাৰ ফ’ৰ্ট উইলিয়ামত থকা ইষ্টাৰ্ন কমাণ্ডৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত ‘বিজয় দিৱস’ ত কমাণ্ডাৰ ইন চীফজনে এই মন্তব্য কৰ।

উল্লেখযোগ্য যে ভাৰত আৰু বাংলাদেশৰ সেনাৰ দ্বাৰা কালি বিভিন্ন ঠাইত ১৯৭১ চনৰ বাংলাদেশৰ স্বাধীনতা যুঁজৰ সোঁৱৰণিত বিজয় দিৱস পালন কৰা হয়। এই দিনটোতে পাকিস্তানী সেনাই ভাৰতীয় সেনাৰ ওচৰত সেও মানিছিল, যাৰ ফলত পূব পাকিস্তানৰ ঠাইত স্বাধীন বাংলাদেশৰ জন্ম হৈছিল। কালিৰ বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি অৰ্পণ কাৰ্য্যসূচীত ভাগ লোৱাৰ পিছত কমাণ্ডাৰ ইন চীফ অভয় কৃষ্ণই ভাৰতীয় সেনাৰ এই সক্ষমতাৰ কথা ৰাজহুৱা কৰে। ‘এই অঞ্চলটোত ঘটা যিকোনো দুষ্কাৰ্য্যৰ উপযুক্ত ধৰণে উত্তৰ দিয়া হ’ব।’  তেওঁ চীনৰ নাম উল্লেখ নকৰাকৈ কয়। যথেষ্ট আত্মবিশ্বাসৰ সুৰত তেওঁ আৰু কয়, ‘আমি সম্পূৰ্ণকৈ প্ৰস্তুত হৈ আছো। যিয়েই যি নকৰক, উপযুক্ত আৰু সঠিক পৰিণাম ভুগিবই।’

উল্লেখযোগ্য যে এই বছৰৰ জুন মাহত ভাৰত-চীন সীমান্তৰ ভাৰত-চীন-ভূটান সীমাৰ সন্ধিস্থলত চীনে পথ নিৰ্মাণ কৰাৰ লগতে অঞ্চলটোত চীনৰ সৈন্য সঞ্চালন কৰিছিল, যাৰ ফলত ৭৩ দিন ধৰি দুয়োখন দেশৰ মাজত এক অচলাৱস্থাৰ সৃষ্টি হৈছিল। পিছত বিষয়টো কূটনৈতিকভাৱে সমাধা কৰা হয়।

নিজৰ দেশৰ সীমাৰ সুৰক্ষা সম্পৰ্কত দৃঢ়তা প্ৰকাশ কৰি তথা সকলো পক্ষকে এক প্ৰকাৰৰ সকীয়নি দি কমাণ্ডাৰ ইন চীফ জনে কয়, ‘ভৌগোলিক অখণ্ডতা আমাৰ তেজত আছে। আমি যিকোনো পৰ্য্যায়লৈ যাব পাৰো। আমাৰ দেশ যিকোনো পৰিণামৰ বাবে সাজু আছে’।

 

Recent News

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

যুদ্ধবিৰতি চুক্তি উলংঘা কৰি পাকিস্তানৰ আক্ৰমণ; জম্মুত শ্বহীদ বিএছএফৰ উপ-পৰিদৰ্শক

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

ভাৰতীয় সেনাৰ স্পষ্টিকৰণ যুদ্ধবিৰতিৰ পিছতো অব্যাহত থাকিব সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd