চৰকাৰৰ শীৰ্ষ অগ্ৰাধিকাৰ হ’ল যুৱ কল্যাণ : কনৰাড চাংমা

Conrad-Sangma-1-570x320

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা : ফাইল ফটো

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শুকুৰবাৰে কয় যে তেওঁৰ চৰকাৰৰ অগ্ৰাধিকাৰ প্ৰদান কৰা  ক্ষেত্ৰসমূহৰ ভিতৰত যুৱ কল্যাণৰ বিষয়সমূহ আছে। ৰাজ্যখনত শীঘ্ৰেই এটা যুৱ নীতি প্ৰস্তুত কৰা হ’ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে।

শুকুৰবাৰে ছাইনড কলেজত অনুষ্ঠিত ‘’ দক্ষিণ-পূব এছিয়াত মানৱ সম্পদৰ বিকাশ : সামৰ্থ্য, প্ৰত্যাহ্বান আৰু সম্ভাৱনা’’ শীৰ্ষক আন্তৰ্জাতিক আলোচনা চক্ৰ উদ্বোধন কৰি দিয়া ভাষণত কনৰাডে কয় যে তেওঁৰ চৰকাৰে যুৱ, উদ্যোগী, শিক্ষা আৰু সীমান্ত ব্যৱসায় সম্পৰ্কত ইতিবাচক মানসিকতা’লৈ শাসনভাৰ গ্ৰহণ কৰিছে।

অঞ্চলটোত যুৱ প্ৰজন্ম এটা বিশাল মানৱ সম্পদ বুলি অভিহিত কৰি কনৰাডে বিকাশ আৰু শাসনৰ সৰ্বস্তৰতে যুৱ সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে ৰাজ্যখনত আনকি ইয়াৰ প্ৰতিষ্ঠাৰ ৪৭ বছৰ পিছতো এটা শিক্ষা নীতি নোহোৱাত ক্ষোভ ব্যক্ত কৰে।

কনৰাডে লগতে জানিবলৈ দিয়ে যে বৰ্তমান ৰাজ্যখনত ৫০ শতাংশ প্ৰাথমিক বিদ্যালয়ৰে গৃহ নাই। আনহাতে, ৭০-৮০ শতাংশ প্ৰাথমিক বিদ্যালয়ত পানী যোগান আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থা নাই।

‘’ৰাজ্যখনত প্ৰাথমিক বিদ্যালয়ত নিয়োজিত হৈ থকা শিক্ষকসকলৰ ৮০ শতাংশই প্ৰশিক্ষণপ্ৰাপ্ত নহয় আৰু প্ৰায় ১,১০০ শিক্ষকৰ পদ ৰাজ্যখনৰ প্ৰাথমিক বিদ্যালয়সমূহত খালী হৈ পৰি আছে,’’-তেওঁ জনায়।

ব্যৱসায়ৰ জৰিয়তে বিকাশৰ বিষয়ে উল্লেখ কৰি কনৰাডে সঠিক পৰিৱেশ, নীতি আৰু আন্ত:গাঁথনি সৃষ্টি কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

তেওঁ কয়, চৰকাৰে সুবিধা প্ৰদানকাৰী সংস্থা হিচাপে কাম কৰা উচিত আৰু ‘ব্যৱসায়ত জড়িত’ হোৱা উচিত নহয়।

কনৰাডে লগতে কয় তেওঁৰ চৰকাৰে ব্যৱসায়ৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিব আৰু ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ দিশত ব্যৱসায়ে মুল অভিকেন্দ্ৰ হিচাপে কাম কৰাটো নিশ্চিত কৰি এই বছৰতে এলানি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে আন্ত:ৰাষ্ট্ৰীয় সীমান্ত থকা মেঘালয়ৰ প্ৰসংগ উল্লেখ কৰি কনৰাডে কয় যে আমি আমাৰ চুবুৰীয়া নিৰ্বাচিত কৰিব নোৱাৰো, আমি হাতত হাত ধৰি কাম কৰি যাব লাগিব।

তেওঁ লগতে কয় যে এইটো চৰকাৰৰ দায়িত্ব যে ৰাজ্যখনৰ জনসাধাৰণৰ লগতে যুৱ সকলৰ বাবে এটা সঠিক নীতি যুগুত কৰা।