ছিকিমত দ্বিতীয় পৰ্যায়ৰ কেটছ (CATCH) উদ্বোধন

ছিকিমৰ স্বাস্থ্য মন্ত্ৰী এ কে ঘাটানিয়ে শনিবাৰে পূব-ছিকিম অঞ্চলৰ মাৰচাক ৰাণীপুলৰ মুখ্য উপ-স্বাস্থ্যকেন্দ্ৰত ‘কেটছ’ৰ (CATCH – Chief Minister’s Comprehensive Annual and Total Check Up for Healthy Sikkim) দ্বিতীয় পৰ্যায় উদ্বোধন কৰে।

ইয়াৰ জৰিয়তে ২০১৭-১৮ বৰ্ষৰ বাবে উক্ত আঁচনিখন সমগ্ৰ ৰাজ্যজুৰি শুভাৰম্ভ কৰা হয়।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত ‘কেটছ’ৰ এই পৰ্যায়ৰ কৰ্মসূচীত প্ৰথম পৰ্যায়ত বাদ পৰি যোৱা সকলো লোককেই সামৰি লোৱা হ’ব বুলি কয়। গাঁৱৰ ৰাইজে যাতে আঁচনিখনৰ সৰ্বোত্তম সুবিধা লাভ কৰে তাৰ উদ্দেশ্যে পঞ্চায়ত তথা জনপ্ৰতিনিধি সকলক আঁচনিখন সম্পৰ্কে উপযুক্ত সজাগতা সৃষ্টি কৰিবলৈ তেঁও আহ্বান জনায়।

তেওঁ কয় যে ‘সকলোৰে বাবে স্বাস্থ্য’ নিশ্চিত কৰাৰ উদ্দেশ্যে উক্ত আঁচনিখন এখন অনন্য প্ৰতিৰোধী স্বাস্থ্য আঁচনি।‘ই দেশৰ ভিতৰতে প্ৰথম এনেধৰণৰ আঁচনি আৰু আমি বহু মানুহক সামৰি লৈছো।’ তেওঁ লগতে উল্লেখ কৰে।

ইয়াৰ উপৰি তেওঁ সংশ্লিষ্ট সকলো স্বাস্থ্য বিষয়া, পঞ্চায়ত তথা জনসাধাৰণৰ পৰা সামূহিক আৰু সু-সংগবদ্ধ প্ৰয়াসৰ আহ্বান জনায়। তেওঁ লগতে উল্লেখ কৰে যে প্ৰস্তাৱিত ডিজিটেল স্বাস্থ্য কাৰ্ডত স্বাস্থ্য বিষয়ক সম্পূৰ্ণ তথ্য মজুত থাকিব আৰু ই দাতা এণ্ট্ৰি পক্ৰিয়াত যথেষ্ট পৰিমাণে সহজ কৰি তুলিব।

অনুষ্ঠানটোত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে উপস্থিত লোকসকলৰ মাজত স্বাস্থ্য কাৰ্ড বিতৰণ কৰে।

স্বাস্থ্য মন্ত্ৰী গৰাকীৰ উপৰি উক্ত অনুষ্ঠানটোত উপায়ুক্ত তথা স্বাস্থ্য সচিব বিশ্বাল চৌহান, মুখ্য স্বাস্থ্য সঞ্চালক ড পি টি ভূটিয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ ড বিমল ৰায় আৰু ৰাজ্যৰ স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে।