ছিকিমৰ জনসাধাৰণৰ বাবে জুনত মুকলি হ’ব আকাশীপথ

Pakyong

শুকুৰবাৰে ছিকিমৰ নিৰ্মীয়মান পাকয়ং বিমানবন্দৰ ভ্ৰমণ কৰে কেন্দ্ৰীয় বিমান পৰিবহন বিভাগৰ সচিব ৰাজীৱ নাৰায়ণ চৌবেই। তেওঁ এই ভ্ৰমণৰ সময়ছোৱাত বিমানবন্দৰটোত চলি থকা বিভিন্ন উন্নয়নমূলক কাম- কাজৰ বুজ লয়।

এই ভ্ৰমণ কালত সচিবগৰাকীয়ে বিশেষকৈ বিমানবন্দৰটোৰ ৰানৱে, টাৰ্মিনেল আদি কামৰ খতিয়ান লয় বিভিন্ন প্ৰতিষ্ঠানৰ পৰা।

উল্লেখযোগ্য যে কেন্দ্ৰীয় বিমান পৰিবহন বিভাগৰ সচিব গৰাকীয়ে বিভিন্ন প্ৰতিষ্ঠান সমূহৰ বিষয়ববীয়া সকলক নিৰ্দিষ্ট সময়ৰ ভিতৰত কামসমূহ সমাপ্ত কৰি বিমানবন্দৰটো ব্যৱহাৰৰ বাবে মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে তেওঁৰ ভ্ৰমণৰ সময়ছোৱাত।

চৌবেক এই ভ্ৰমণত সংগ দিয়ে ছিকিম চৰকাৰৰ সচিব একে শ্ৰীবাস্তৱ, পৰ্যটন সচিব পুনিত কঞ্চল, ভাৰতীয় বিমান প্ৰাধিকৰণৰ বিষয়াবৰ্গৰ লগতে অন্যান্য বহু বিশিষ্ট লোকে।

আনহাতে কেন্দ্ৰীয় বিমান পৰিবহন বিভাগৰ সচিব চৌবে একেটা প্ৰসংগতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পৱন চামলিঙক বিমানবন্দৰটো সুচল কৰি তোলাৰ বাবে তেওঁ আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখযোগ্য যে সচিব ৰাজীৱ নাৰায়ণ চৌবে আৰু মুখ্যমন্ত্ৰী পৱন চামলিঙে বিমানবন্দৰটো অহা জুনৰ প্ৰথম পষেকতে মুকলি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে ছিকিম চৰকাৰৰ এটা উচ্চস্তৰীয় সূত্ৰই।

ছিকিমৰ পৰা বাণিজ্যিক বিমানৰ চলাচল হ’লে ৰাজ্যবাসীৰ এটি দীৰ্ঘদিনীয়া সমস্যা সমাধান হ’ব বুলি আশা কৰা হৈছে।