ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ মুখ্য মন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব জি এছ গোলে

skm

ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ মুখপাত্ৰ জেকব খালিঙে আত্মবিশ্বাসেৰে দাবী কৰিছে যে জি এছ গোলে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ আশা প্ৰকাশ কৰিছে যে ছিকিমৰ জনসাধাৰণে তেওঁক বিজয়ী সাব্যস্ত কৰিব। তেওঁ আৰু মন্তব্য কৰিছে যে ছিকিম ক্ৰন্তিকাৰী মঞ্চই যথেষ্ট চিন্তা চৰ্চা কৰি আৰু নথি প্ৰস্তুত কৰাৰ পাছত দলটোৱে জি এছ গোলে ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ মুখ্য মন্ত্ৰী প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি বিশ্বাসী।

আজি ইয়াতে এখন সংবাদমেলত অংশগ্ৰহণ কৰি জেকব খালিঙে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টক ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ পৰামৰ্শ দিছে। তেওঁ কৈছে, ‘‘ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাতকৈ শাসনাধিষ্ঠ দলটোৱে ৰাজ্যখনৰ সমস্যা সমাধান কৰাত মনোযোগ দিব লাগে। খালিঙে আৰু কয় যে ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ আভ্যন্তৰীণ বিষয়সমূহক ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে এটা ৰাজনৈতিক বিষয় কৰা অনুচিত।

ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টে ছিকিম ক্ৰন্তিকাৰী মঞ্চৰ বিপক্ষে শাসনাধিষ্ঠ দলটোৰ সদস্যৰ ভুৱা যোগদানৰ অপপ্ৰচাৰৰ অভিযোগৰ তীব্ৰ প্ৰতিবাদ কৰে। তেওঁ কয় যে ছিকিম ডেমক্ৰেটিক ফ্ৰণ্টৰ হাতত ইয়াক মিছা যোগদান বুলি কোৱাৰ গত্যন্তৰ নাই। খালিঙে কয় ‘‘আমি তেওঁলোকক ভয় নাখাবলৈ আহ্বান জনাওঁ কিন্তু অহা ১০ আগষ্টত ছিকিম ক্ৰন্তিকাৰী মঞ্চত দলে বলে যোগদান কৰাটোলৈ অপেক্ষা কৰিবলৈ কওঁ। তেওঁ শাসনাধিষ্ঠ দলটোক ভুৱা যোগদানৰ বিষয়টো মিছা প্ৰমাণিত কৰাৰ বাবে আহ্বান জনায়।