ছিকিম ধৰ্ম নিৰপেক্ষ ভাৰতৰ প্ৰকৃত আৰ্হি : ন্যায়াধীশ কোৰিয়ান জোচেফ

গেংটকৰ চমান ভৱনত শুক্ৰবাৰে অনুষ্ঠিত এক অনুষ্ঠানত ভাগ লৈ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কোৰিয়ান জোচেফে ছিকিমক ধৰ্ম নিৰপেক্ষ ভাৰতৰ প্ৰকৃত আৰ্হি বুলি অভিহিত কৰে। অনুষ্ঠানটোত তেওঁ গণতন্ত্ৰৰ মূল তিনিটা স্তম্ভ বিধানপালিকা, ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ শীৰ্ষতম ব্যক্তি সকলক সম্বোধন কৰে।

‘মই ছিকিমক ধৰ্ম নিৰপেক্ষ ভাৰতৰ প্ৰকৃত আৰ্হি হৈ উঠাৰ বাবে অভিনন্দন জনাইছো।‘ ন্যায়াধীশ কোৰিয়ানে কয়।

ভাৰতৰ সংবিধানৰ বিভিন্ন উপাদনসমূহৰ ওপৰত আধাৰ কৰি তেওঁ কয় যে সকলোৱে আইনৰ দ্বাৰা পৰিচালিত আৰু সকলো ক্ষেত্ৰতে এখন আইন আছে।

উক্ত অনুষ্ঠানটোত ছিকিমৰ মুখ্য মন্ত্ৰী পৱন চামলিং, বিধানসভাৰ উপাধ্যক্ষ কে এন ৰায়, ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ কে অগ্নিহ’ট্ৰী, অতিৰক্ত উপাধ্যক্ষ ছোনম জ্ঞাটছো লেপছা, মুখ্য সচিব, ডিজিপি আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ভাস্কৰ প্ৰধান আদি উপস্থিত থাকে।