জখলাবন্ধাৰ বন সংমণ্ডল বিষয়াই জব্দ কৰিলে অবৈধভাবে শিল কঢ়িওৱা কেইবাখনো গাড়ী

আজি দুপৰীয়া জখলাবন্ধা বন বিভাগে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই ৮খন শিলভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে এনেদৰে অবৈধভাবে শিল কঢ়িয়াই থকাটো কেইবাদিনৰ পৰা কলিয়াবৰৰ একাংশ যুৱকে নিৰীক্ষণ কৰি আহিছিল। অবশেষত তেওঁলোকে এই কথা জখলাবন্ধা বন বিষয়াক অবগত কৰে। জখলাবন্ধা বন সংমণ্ডলৰ বিষয়াজনৰ নেতৃত্বত যোৱা এটা দলে অভিযান চলাই শিলভৰ্তি ট্ৰাক কেইখন জব্দ কৰে। স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি দৈনিক প্ৰায় ২৫ খন ডাম্পাৰেৰে দিনটোত কেইবাবাৰো কাৰ্বি পাহাৰত অবস্থিত আকবৰ আলীৰ শিলৰ কুৱেৰীৰ পৰা বিনা চালানেৰে শিল কঢ়িয়াই আহিছিল। আনহাতে বন বিভাগৰ লোকক দেখা পাই ট্ৰাক চালক কেইজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

কলিয়াবৰৰ স্থানীয় লোকে এই অবৈধভাবে শিল কঢ়িওৱা চক্ৰটোৰ আঁৰত কুঠৰীৰ খগেন কলিতা আৰু হেমন্ত বৰা জড়িত থকাৰ স্পষ্ট অভিযোগ উত্থাপন কৰাৰ লগতে বিগত কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা এই অবৈধ ব্যৱসায় চলাই আহিছে বুলি সদৰী কৰে। ইফালে স্থানীয় যুৱক কেইজনে এই কাৰ্য্যৰ লগত জড়িত থকা অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰাৰ বাবে জখলাবন্ধা আৰক্ষীক দাবী জনাইছে। এক সূত্ৰৰ পৰা জানিব পৰা অনুসৰি এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি আৰক্ষী তথা প্ৰশাসনৰ চকুত ধুলি দি তেওঁলোকৰ কাৰ্য্যকলাপ চলাই নিয়াৰ লগতে চৰকাৰক বহু লক্ষাধিক টকাৰ কৰ ফাঁকি দি আহিছিল। ইতিমধ্যে বনবিভা্গে ট্ৰাক কেইখন জব্দ কৰি আৰক্ষীক চমজাই দিয়ে। আৰক্ষী সুত্ৰই জানিব দিয়া মতে তেওঁলোকে সমগ্ৰ বিষয়টোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে।