• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জগদম্বা মালেৰ প্ৰস্তাৱেৰে চৰকাৰে অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া পৰীক্ষা কৰিছিলঃ ‘মাছ’ৰ সভাত অভিযোগ ডিমাচা ছাত্ৰ নেতাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
January 29, 2018 3:07 pm
Mass meet

‘মাছ’ৰ নাগৰিক সভা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘জগদম্বা মালেৰ প্ৰস্তাৱৰ যোগেদি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰিছিল যে এনেকুৱা ধৰণৰ প্ৰস্তাৱে অসমত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।’ নাগা চুক্তিক লৈ সমগ্ৰ অসম বিশেষকৈ ডিমা হাচাও উত্তপ্ত হৈ থকাৰ মাজতে আজি চৰকাৰৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰে সদৌ ডিমাচা ছাত্ৰ সংস্থাৰ নেতা প্ৰফুল্ল হাফিলাই।

মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে মাইবাঙৰ ঘটনাৰ গৰিহণা দি আজি গুৱাহাটী প্ৰে’ছ ক্লাবত আয়োজন কৰা নাগৰিক সভাত উপস্থিত থাকি এইদৰে মত প্ৰকাশ কৰে ডিমাচা ছাত্ৰ নেতাজনে।

ডিমাচাসকল অসমৰ ভূমি ৰক্ষাৰ বাবে ভৱিষ্যতলৈও মৃত্যুক সাবটি ল’বলৈ প্ৰস্তুত বুলি উল্লেখ কৰি নেতাজনে লগতে কয়, ‘২০১৫ চনৰ ৩ আগষ্টৰ পৰা বৰ্তমানলৈকে কি কাৰণত কেন্দ্ৰীয় চৰকাৰে নাগা ফ্ৰে’মৱৰ্ক চুক্তিখন ৰাজহুৱা কৰা নাই তাক লৈ ডিমা হাচাওবাসী চিন্তিত হৈ আছে।’

আৰক্ষীয়ে গুলীচালনাৰ পূৰ্বে কোনোধৰণৰ সতৰ্কীকৰণ প্ৰদান নকৰাৰ অভিযোগ কৰি তেওঁ কয়, ‘প্ৰতিবাদকাৰীয়ে মোক জনোৱা অনুসৰি আৰক্ষীয়ে যুৱক দুজনক একেবাৰে ওচৰৰ পৰা গুলিয়াইছিল। আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰা নাছিল।’

ভাষণ প্ৰসংগত নেতাজনে মাইবাং কাণ্ডৰ বাবে তেওঁলোকক সমৰ্থন জনোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰি এই সমৰ্থনে তেওঁলোকক বুকুত অলপ সাহস যোগোৱা বুলিও উল্লেখ কৰে।

আনহাতে নাগৰিক সভাখনত উপস্থিত থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা মানৱ অধিকাৰ কৰ্মী অৰূপ বৰবৰাই কয়, ‘ডিমা-হাচাওক নাগালেণ্ডত অন্তৰ্ভুক্তিকৰণৰ বিৰোধিতা কৰা অসমৰ ভূমি পুত্ৰসকলৰ আন্দোলনত দুজনকৈ যুৱকে আৰক্ষীৰ নিৰ্বিচাৰ গুলীত প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাৰ বাবে প্ৰধানতঃ দায়ী সৰ্বানন্দ সোণোৱালৰ গৃহ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগ।’

বৰবৰাই কয়, ‘এওঁলোকৰ পিছতহে ডিমা-হাচাওৰ উপায়ুক্ত আৰু গুলী চলোৱা আৰক্ষী অধীক্ষকজনক দোষাৰোপ কৰিব খোজো।’

নাগাসকলে স্বভূমি দাবী কৰাতো তেওঁলোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ বুলি উল্লেখ কৰি বৰবৰাই বিষয়টো সমাধানৰ নামত যাতে চুবুৰীয়া ৰাজ্যৰ জনসাধাৰণৰ ভূমি, খেতিবাতি তথা আৱাসগৃহ ক্ষতিগ্ৰস্ত নহয় তাৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে চৰকাৰক আহ্বান জনায়।

সৰ্বানন্দ সোণোৱালে প্ৰতিটো মুহূৰ্ততে এক ইঞ্চি মাটি বেলেগক নিদিওঁ বুলি কোৱা মন্তব্যক মহাভাৰতৰ দুৰ্য্যোধনৰ কথাৰ সৈতে তুলনা কৰি বৰবৰাই নগা চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বৰ্তমান নগাৰ আগ্ৰাসনত থকা অঞ্চলসমূহৰ অৱস্থা কি হ’ব সেই বিষয়ে সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনো মন্তব্য নকৰাৰ কথা উল্লেখ কৰে।

কোনো নিৰাপত্তাজনিত, ৰণনীতি, অপৰাধমূলক অথবা পাৰমাণৱিক অস্ত্ৰ-শস্ত্ৰৰ তথ্য নোহোৱা এই চুক্তি ৰাজহুৱা কৰাৰ পৰা কেন্দ্ৰীয় চৰকাৰ কিয় বিৰত আছে বুলি প্ৰশ্ন তুলি বৰবৰাই কয় যে কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচনত আসন লাভ কৰাৰ স্বাৰ্থত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক ভিতীগ্ৰস্ততাৰ মাজত ৰাখি এই চুক্তিখন প্ৰকাশৰ দিন পিছুৱাই আছে।

তেওঁ লগতে অভিযোগ উত্থাপন কৰে যে হিন্দু বাংলাদেশীৰ প্ৰসংগতো তল পেলাবৰ বাবেও কেন্দ্ৰীয় চৰকাৰখন এনেধৰণৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।

অসম সংগ্ৰামী মঞ্চৰ হৈ সভাত উপস্থিত থকা ড০ নৱনীল বৰুৱাই উল্লেখ কৰে যে ডিমাচাসকলো অসমীয়াই আৰু আমাৰ মাজত থকা সংকীৰ্ণতা আমি দূৰ কৰিব লাগিব। মাইবাঙৰ ঘটনা সমগ্ৰ অসমৰ বাবে এক আঘাত।

তেওঁ কয় আৰ এছ এছ নেতা জগদম্বা মালেই প্ৰস্তুত কৰা খচৰাৰ ভাষাটোলৈ চাই বুজিব পাৰি যে এই খচৰাখনৰ ভিত্তি আছে।

এই ঘটনাৰ সৈতে এক ষড়যন্ত্ৰ জড়িত থকাৰ অভিযোগ তুলি তেওঁ কেন্দ্ৰীয় চৰকাৰে বক্ৰ পথেৰে ইয়াক ৰাইজৰ মাজলৈ ঠেলি দিছে বুলি উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

পুনৰ আৰম্ভ হ’ব পাৰে ভাৰত-চীনৰ মাজত পোনপটীয়া বিমান সেৱা

August 18, 2025 4:57 pm
মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd