জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত ধাৰাবাহিক আন্দোলন ঘোষণা মটক জনগোষ্ঠীৰ

logo_1

মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে দেখুওৱা চূড়ান্ত হেমাহিৰ প্ৰতিবাদত এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে জনগোষ্ঠীটোৰ তিনিটা সংগঠনৰ একযৌথ মঞ্চই।

দেওবাৰে অনুষ্ঠিত সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু মটক মহিলা পৰিষদৰ যৌথ মঞ্চৰ এখন বৈঠকত এই প্ৰতিবাদী কাৰ্যসূচীৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সৰ্বানন্দ সিংহ নগৰস্থিত সন্মিলনৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বৈঠকখনত চন্দ্ৰ সেনাপতি, ডেভিদ চেতিয়া আৰু ৰূপালী গোহাঁইয়ে যৌথভাৱে সভাপতিত্ব কৰে।

বৈঠকে বিজেপি শাসিত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা নকৰি জনজাতিকৰণৰ বিষয়টোত গা-এৰা দিয়া বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে।

বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে অহা ২৭ ফেব্ৰুৱাৰিত ৰাজ্যৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, লখিমপুৰ, ধেমাজি, শোণিতপুৰ আৰু গুৱাহাটীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট, ২৪ মাৰ্চত দিছপুৰ লাষ্টগে’টত ধৰ্ণা কাৰ্যসূচী আৰু ১৫ মাৰ্চত গুৱাহাটীত এখন নাগৰিক অভিৱৰ্তন অনুষ্ঠিত কৰিব।

চলিত বিধানসভাৰ বাজেট অধিৱেশনতে মটক জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ কেন্দ্ৰলৈ প্ৰেৰণ কৰিবলৈ আটাইকেইটা ৰাজনৈতিক দলেৰে সদস্য সকলক সংগঠনকেইটাই দাবী জনায়।

তদুপৰি মটক অধ্যুষিত জিলাসমূহৰ নিকায় নিগমত মটক জনগোষ্ঠীৰ প্ৰাৰ্থীক নিযুক্তি দিয়া, সকলো ৰাজনৈতিক দলেই পঞ্চায়ত, বিধানসভা, লোক সভাৰ আসনত অগ্ৰাধিকাৰ ভিত্তিত জনগোষ্ঠীটোৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ লগতে উচ্চ শিক্ষানুষ্ঠানত আসন সংৰক্ষণ, গুৱাহাটীত মটক ভৱন নিৰ্মাণৰ বাবে ভূমি আবণ্টন দিয়া আদি দাবী জনাই বৈঠকত প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখ্যযোগ্য যে অহা ২৭ ফেব্ৰুৱাৰিত আন্দোলনৰ কাৰ্যসূচীৰ যোগেদি চৰকাৰলৈ প্ৰেৰণ কৰা স্মাৰক-পত্ৰৰ সঁহাৰি ১৫ দিনৰ ভিতৰত নাপালে গুৱাহাটীত অনুষ্ঠিত হ’ব লগা নাগৰিক সভাত প্ৰস্তাৱ গ্ৰহণ কৰি মটক অধ্যুষিত অঞ্চলসমূহত চৰকাৰ-বিৰোধী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলিও সকীয়াই দিয়ে বৈঠকত উপস্থিত থকা সংগঠনৰ প্ৰতিনিধিসকলে।