জনজাতীয় মৰ্য্যাদা লাগে : ছিকিমৰ ১১ টা জনগোষ্ঠীয় সংগঠনৰ সঁজাতী দলে লগ কৰিলে ড’নাৰ মন্ত্ৰীক

আজি ছিকিমৰ পৰা যোৱা ১১ টা জনগোষ্ঠীয় সংগঠনৰ সঁজাতী দলে নতুন দিল্লীত ড’নাৰ মন্ত্ৰী ড০ জিতেন্দৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত তেওঁলোকে মন্ত্ৰীজনক সংশ্লিষ্ট জনগোষ্ঠীকেইটাক জনজাতীয় মৰ্য্যাদা দিবৰ বাবে অনুৰোধ জনাই আৰু লগতে অন্যান্য দাবী সন্নিৱিষ্ট কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে। মন্ত্ৰীজনে তেওঁলোকৰ ক’ব লগীয়াখিনি ধৈৰ্য্যসহকাৰে শুনাৰ লগতে আটাইৰে লগত সৌহাৰ্দ্যপূৰ্ণ বাৰ্তালাপ কৰে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে। আলোচনাৰ মাজতে মন্ত্ৰীজনে তেওঁলোকক এই আশ্বাস দিয়ে যে তেওঁ বিষয়টোত উপযুক্ত আৰু কাৰ্য্যকৰী পদক্ষেপ ল’ব। তেওঁ স্মাৰকপত্ৰখনৰ বিষয়ে জনজাতীয় মন্ত্ৰ্যালয়ৰ সৈতে আলোচনা কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে জনগোষ্ঠীকেইটাৰ অৱদানকো শলাগে। এই সঁজাতী দলত যোৱা প্ৰতিনিধিসকল আছিল ৰায়, মংগৰ, গুৰুং, থামি, ভূজেল, যোগী, সন্ন্যাসী, গিৰি, নেৱাৰ, খাচ (ভৱন আৰু চেত্ৰী) আৰু দেৱান (য়াখা)ৰ জনগোষ্ঠীৰ। জনগোষ্ঠীকেইটাৰ প্ৰতিনিধিকেইজনে তেওঁলোকৰ জনগোষ্ঠীকেইটাৰ অন্যান্য সমস্যাৰাজিৰ বিষয়েও আলোচনা কৰে। তাৰ ভিতৰত চাকৰিত সংৰক্ষণ, আয়কৰ ৰেহাই আদিয়ে প্ৰধান আছিল। তেওঁলোকে ছিকিমৰ ইতিহাস, ভৌগোলিক অৱস্থান ইত্যাদি বিষয়ত জনগোষ্ঠীকেইটাৰ সম্পৰ্কৰ দিশৰ পৰা এক অৱলোকন উপস্থাপন কৰে। আনহাতে মন্ত্ৰীজনে সঁজাতী দলটোৰ আগত ছিকিমৰ লগতে উত্তৰ-পূব অঞ্চলৰ প্ৰতি থকা মোদীৰ গুৰুত্বৰ কথা উল্লেখ কৰে। তেওঁ কয় যে মোদীয়ে নিজেই ছিকিমলৈ গৈছে। ছিকিমক মুকলিত মলত্যাগ নকৰা প্ৰথমখন ৰাজ্য হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁ লগতে কয় যে ছিকিমৰ মুঠ ঘৰুৱা উৎপাদন আৰু সাক্ষৰতাৰ হাৰো অতি উচ্চ। ইয়াৰ পৰ্য্যটনৰ দিশটোৰো তেওঁ প্ৰশংসা কৰে। ”সমাজৰ সকলো অংশৰ লোকে যাতে ন্যায় পায়, তালৈ লক্ষ্য কৰা আমাৰ কৰ্তব্য।” তেওঁ কয়।