জানুৱাৰিৰ মাজভাগত মেঘালয়ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা

অহা বছৰৰ জানুৱাৰিৰ দ্বিতীয় সপ্তাহত আসন্ন মেঘালয় বিধানসভা নিৰ্বাচনৰ দিন ঘোষিত হ’ব। খ্ৰীষ্টমাছৰ সন্ধিয়া সংবাদ মাধ্যমক সম্বুধি ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া ফ্ৰেদেৰিক খাৰকংগৰে জনায় যে শেহতীয়াকৈ মুখ্য নিৰ্বাচন আয়ুক্ত এ কে জ্যোতিৰ নেতৃত্বত ৰাজ্যখন ভ্ৰমণ কৰা ভাৰতৰ নিৰ্বাচন আয়োগৰ দলটো নিৰ্বাচনী প্ৰস্তুতিক লৈ সন্তুষ্ট। তেওঁ লগতে কয় যে জানুৱাৰিৰ দ্বিতীয় সপ্তাহৰ কোনো এটা দিনত নিৰ্বাচন আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ আগতে ধৰ্মীয় উৎসৱ আৰু পৰীক্ষাকে ধৰি সকলো দিশ নিৰ্বাচন আয়োগে পুংখানুপুংখভাৱে বিচাৰ কৰাটো বাধ্যতামূলক। ইয়াৰ পূৰ্বে ৰাজনৈতিক দল সমূহে ধৰ্মীয় উৎসৱ আৰু পৰীক্ষাৰ সময়সূচীৰ সৈতে নিৰ্বাচনৰ দিন একে সময়তে পৰাৰ আশংকা এৰাই চলাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনাইছিল। সাধাৰণতে আয়োগে নিৰ্বাচনৰ বাবে সৰ্বাধিক ৪৫ দিন আৰু সৰ্বনিম্ন ২১ দিন সময় দিয়ে। ‘ঘোষণাটো জানুৱাৰিৰ দ্বিতীয় সপ্তাহৰ প্ৰথম বা দ্বিতীয় ভাগত কৰা হ’ব বুলি আশা কৰিছো’, খাৰকংগৰে জনায়। ২০১৩ চনত নিৰ্বাচন আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্য- মেঘালয়, ত্ৰিপুৰা আৰু নাগালেণ্ডৰ দুই তৰপীয়া নিৰ্বাচনৰ দিন জানুৱাৰিৰ ১১ তাৰিখে ঘোষণা কৰিছিল। সেই উপলক্ষে মেঘালয় আৰু নাগালেণ্ডৰ নিৰ্বাচনৰ দিন আছিল ২৩ ফেব্ৰুৱাৰি আনহাতে ত্ৰিপুৰাৰ আছিল ১৪ ফেব্ৰুৱাৰি। তিনিখন ৰাজ্যৰে ভোট গণনা হৈছিল ২৮ ফেব্ৰুৱাৰিত।

খাৰ গংগৰে কয় যে ই ভি এম আৰু ভিভিপিএটিক লৈ যদি কিবা সন্দেহ আছে তাক দূৰ কৰাৰ বাবে ৰাজনৈতিক দল বিলাকৰ অন্য এখন বৈঠক জানুৱাৰিৰ কোনোবা দিনত অনুষ্ঠিত হ’ব। ৰাজ্যখনত ইতিমধ্যে ৪৪০০ টা ভিভিপিএটি মেচিন আহি পাইছে। মেঘালয়ত ইতিমধ্যে ৪৮০০ টা ইভিএম আছে।

উল্লেখযোগ্য যে মেঘালয়ৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল ২০১৮ চনৰ ৬ মাৰ্চত শেষ হ’ব। ৰাজ্যখনৰ ৬০ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব। শাসকীয় কংগ্ৰেছ দলে সকলো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। মুখ্য মন্ত্ৰী মুকুল চাংমাই আমপতি আৰু চংচাক এই দুই সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

আনহাতে বিজেপিয়ে মেঘালয়ৰ ক্ষমতা দখল কৰি উত্তৰ পূৰ্বাঞ্চলত নিজৰ স্থিতি বঢ়োৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।