জুবিন নহয়, কুমাৰ চানুৱে বিহু গাব মাৰ্ঘেৰিটাৰ বিহু উৎসৱত

KumarSanu

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত মাৰ্ঘেৰিটা টাউন হাইস্কুল প্ৰাংগণত তিনিদিনীয়া কাৰ্য্যসূচীৰে চলি থকা বহাগী উৎসৱলৈ আহিব বলিউদৰ জনপ্ৰিয় গায়ক কুমাৰ চানু ।

আজি উৎসৱটোৰ দ্বিতীয় দিন। কাইলৈ, অৰ্থাৎ ১৭ মে’ৰ অন্তিম দিনাৰ ৰাতিৰ সাংস্কৃতিক কাৰ্য্যসূচীত উপস্থিত থাকিব বিখ্যাত গায়কজন। ‘এইবাৰ দেহা ঐ’, ‘অ’ সোণ মৰমী’,  ‘এই উজাগৰী ৰাতি’, ‘মই সুৰেৰে বান্ধিছো তোমাক’ আদি জনপ্ৰিয় অসমীয়া গীতত কণ্ঠদান কৰা বলিউদৰ শিল্পীজনৰ আছে অসম-অসমীয়া সংগীতক্ষেত্ৰৰ সৈতে দীৰ্ঘদিনীয়া সুসম্পৰ্ক। অসমতো শিল্পীজনৰ অসংখ্য অনুৰাগী আছে। গতিকে শিল্পীজনৰ আগমনৰ বাবে আশাৰে বাট চাই ৰৈছে মাৰ্ঘেৰিটাবাসী।

উল্লেখযোগ্য যে মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত অনুষ্ঠিত ৰঙালী উৎসৱৰ অন্তিম দিনৰ কাৰ্য্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থকাৰ কথা।

আনহাতে ১৫ তাৰিখে অসমীয়া বোলছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অসম চৰকাৰৰ যুৱ কল্যাণ উপদেষ্টা সমিতিৰ সচিব লক্ষ্য কোঁৱৰৰ উপস্থিতিত উৎসৱটোৰ উদ্বোধন কৰিছিল স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই।

আয়োজকে জনোৱা মতে, সাংস্কৃতিক সন্ধিয়াত কুমাৰ চানুৰ লগতে প্ৰিয়ংকা ভৰালী, আচুৰ্য বৰপাত্ৰ গোহাঁয়েও গীত পৰিৱেশন কৰিব।