জুবিন পৰিয়ালৰ লোকৰ ব্যক্তিগত নহয়, তেওঁ ৰাইজৰ বাবে মোকো এৰিবলৈ সাজু : গৰিমা গাৰ্গ

zubeen Garima

‘তেওঁ ৰাইজৰে সন্তান, সেয়েহে জুবিনে পৰিয়ালৰ কথা চিন্তা নকৰি প্ৰায়ে কয় যে মই মানুহৰ বাবেহে। মোক বিয়াৰ সময়তে জুবিনে কৈছিল যে মোক ব্যক্তিগতভাৱে কেতিয়াও নিবিচাৰিবা।‘

আজি জনপ্ৰিয় লিখক ড০ প্ৰাণেশ্বৰ নাথৰ দ্বাৰা ৰচিত তথা ছয়গাওঁ শিল্পীসমাজে প্ৰকাশ কৰি উলিওৱা ‘জুবিন গাৰ্গৰ সৃষ্টি আৰু দৃষ্টি’ শীৰ্ষক গ্ৰন্থখনিৰ উন্মোচন কৰি ভাষণ প্ৰসংগত এই মন্তৱ্য কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।

ভাষণ প্ৰসংগতে তেওঁ জনায় যে জুবিন গাৰ্গে তেওঁক প্ৰায়ে কয় যে তেওঁ দেউতাকৰ বাবে বা পত্নীৰ বাবে নহয়, তেওঁ ৰাইজৰ বাবে।

‘বিষ্ণুৰাভা তেওঁৰ গুৰু আৰু হীৰু দা তেওঁৰ প্ৰিয়,’ এইদৰে সদৰী কৰি গৰিমাই লগতে কয়, ‘বিষ্ণুৰাভাৰ আদৰ্শৰে চলা জুবিনে বিয়াৰ প্ৰথম দিনাই মোক কৈছিল ‘কোনদিনা তোমাক এৰি ৰাইজৰ মাজলৈ গুচি যাওঁ ক’ব নোৱাৰো।‘

আনহাতে, জুবিন গাৰ্গে পৰিয়ালৰ কথা বৰ বেছিকৈ চিন্তা নকৰে বুলি গৰিমাই জানিবলৈ দি লগতে কয়, ‘তেওঁৰ কামৰ কথাহে তেওঁ বেছিকৈ চিন্তা কৰে।‘

উল্লেখ্য যে, ইতিমধ্যে বৈৱাহিক জীৱনৰ ১৬ টা বসন্ত অতিক্ৰম কৰা গৰিমাই ভাষণ প্ৰসংগতে কয়,  ‘ইমানদিনে কাষৰ পৰা জুবিনক পাইছো, তেওঁৰ মাজত যিমানেই গম্ভীৰ্য্যতা আছে, সিমানেই শিশুসুলভতাও তেওঁৰ মাজত আছে।‘

ভাষণ প্ৰসংগতে গৰিমাই ১৯৯২ চনৰ পৰা আৰম্ভ হোৱা জুবিনৰ সংগীতৰ যাত্ৰাত ৰাইজৰ সহায়-সহযোগিতা তথা আশীৰ্বাদৰ বাবে এই স্থান পাইছেহি বুলি স্বীকাৰ কৰি লগতে কয়, ‘ ৰাইজৰ মৰম আৰু আশীষ অবিহনে এজন শিল্পী কেতিয়াও আগবাঢ়ি যাব নোৱাৰে।‘

‘তেওঁৰ যোগাত্মক তথা ইতিবাচক দিশটোও দেখিছো, অস্থিৰতাৰ দিশটোও দেখা পাইছো। জুবিন গাৰ্গ বহুসময়ত হতাশগ্ৰস্ত হৈছে। তেওঁ নিজৰ মাতৃক যেতিয়া হেৰুৱাইছে, তেওঁৰ ছাঁৰ দৰে থকা ভগ্নীক হেৰুৱাইছে, আৰু একেটা পথ দুৰ্ঘটনাতে তেওঁৰ আটাইতকৈ প্ৰিয় বন্ধু জয়ন্ত পাটোৱাৰীক হেৰুৱাইছে,‘ -গ্ৰন্থ উন্মোচনী সভাত ভাষণ প্ৰসংগতে গৰিমাই এইদৰে কয়।

আনহাতে, জুবিন গাৰ্গ সংগীতানুষ্ঠানলৈ ৰাওনা হ’লে বাটত কোনো লোকক অসহায় হিচাপে পালে তেওঁক সহায় কৰাৰ উদাহৰণো আছে বুলি মন্তৱ্য কৰি লগতে গৰিমাই কয়, ‘এনে বহু উদাহৰণ আছে যাৰ বাবে তেওঁৰ সংগীতানুষ্ঠান পলম হৈছিল। বাটত কাৰোবাৰ পথ দুৰ্ঘটনা হ’লেও তেওঁ অন্য লোকে সহায় নকৰিলেও নিজে আগবাঢ়ি যায়।‘

উল্লেখ্য যে, কিছুবছৰ পূৰ্বে সংগীতানুষ্ঠানৰ মাজতে জখলা বগাই বিতৰ্কৰ আৱৰ্তত সোমাই পৰা জুবিন গাৰ্গৰ জখলা বগোৱাটো তেওঁৰ ইচ্ছাকৃত আছিল বুলি জানিবলৈ দিয়ে গৰিমাই।

এই সম্পৰ্কে বিস্তৃত বৰ্ণনা আগবঢ়াই গৰিমাই কয়, ‘নৰ্থ ইষ্ট টেললিভিচনৰ এটা অনুষ্ঠান আছিল, বহুতো সাংসদকো আমন্ত্ৰণ কৰি অনা হৈছিল সেই অনুষ্ঠানলৈ বুলি। ৰাজনৈতিক নেতাসকলৰ সুৰক্ষাৰ কাৰণে বহু নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছিল। সেই অনুষ্ঠানতে ৰামেশ্বৰ পাঠকক জীৱনজোৰা শিল্পী সাধনা বঁটা দিবলৈ আমন্ত্ৰণ কৰি অনা হৈছিল।  ৰামেশ্বৰ পাঠক তেতিয়া অসুস্থ আছিল, তথাপি তেওঁ ওলাই আহিছিল। ৰামেশ্বৰ পাঠকৰ বাদ্যযন্ত্ৰত সহযোগ কৰা শিল্পীসকলক নিৰাপত্তাৰক্ষীয়ে সোমাবলৈ দিয়া নাছিল। সেই সময়তে জুবিনে লক্ষ্য কৰিলে ৰামেশ্বৰ পাঠক বহুসময় ধৰি গাড়ীৰ ভিতৰতে বহি আছিল। তেওঁ কৰ্তৃপক্ষক অনুৰোধ কৰিছিল, পাঠকক ভিতৰত সোমোৱাই দিবলৈ, কিন্তু সকলো ব্যস্ত আছিল ৰাজনৈতিক নেতাসকলক শুশ্ৰষা কৰাত, কোনেও ৰামেশ্বৰ পাঠকৰ ফালে গুৰুত্বই দিয়া নাছিল। তেতিয়া জুবিনৰ খং উঠিল। জুবিনে খঙতে মনোৰঞ্জনা সিঙক মঞ্চৰ পিছফালে গৈ কিবা-কিবি ক’লে। সেই খঙকেই জুবিনে অনুষ্ঠান আৰম্ভ হোৱাৰ পাছত জখলাত বগাই দেখুৱালে।‘

আনহাতে, উক্ত সভাতে গৰিমাই জুবিনৰ পৰা ধনাত্মক হ’বলৈ শিকা বুলি দাবী কৰি তেওঁ কয়, ‘যোগাত্মক হ’লে মানুহে যিকোনো কাম কৰিব পাৰে।‘

আনহাতে, গ্ৰন্থ উন্মোচনী সভাৰ আদৰণি ভাষণ ৰাখি অসম আৰু অসমীয়াৰ বাবে জুবিন গাৰ্গে কৰা কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই এই গ্ৰন্থখন লিখি উলিওৱা হ’ল বুলি লেখক ড০ প্ৰাণেশ্বৰ নাথে ভাষণ প্ৰসংগত উল্লেখ কৰে।

তেওঁ লগতে কয়, ‘ড০ ভূপেন হাজৰিকাৰ বিষয়ক এখন গ্ৰন্থ লিখি উলিওৱাৰ পাছত যুৱ প্ৰজন্মৰ আটাইতকৈ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ইতিবাচক দিশটোৰ ওপৰত এখন গ্ৰন্থ লিখি উলিয়াম বুলি ভাবিছিলো। জুবিনৰ নেতিবাচক দিশৰ ওপৰত গুৰুত্ব নিদি তেওঁৰ সৃষ্টিৰাজিৰ ওপৰত ভিত্তি কৰি ইতিবাচক দিশসমূহ সামৰি এই গ্ৰন্থখন ৰচনা কৰা হ’ল।‘

উক্ত গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থকা ভাস্কৰ্য্য শিল্পী বীৰেন সিংহই কয় যে এজন শিল্পীক কথাৰে জুখিব নোৱাৰি তথা শিল্পীৰ জীৱনৰ যাত্ৰা বিচিত্ৰময়।

তেওঁলগতেকয়,জুবিন গাৰ্গে শিশুসুলভ তথা অদ্ভুতধৰণৰ মন এটা লগত লৈ থাকে। জুবিন গাৰ্গৰ বিৰল প্ৰতিভা আছে। বিভিন্ন দিশত সৃষ্টিশীল কৰ্মৰ প্ৰতিভা দেখিবলৈ পোৱা যায়।