জেলিয়াঙৰ মন্ত্ৰীসভাত দহজন নতুন উপদেষ্টা

t r zeliang

নিত্য নতুন মোৰ লৈ থকা নাগালেণ্ডৰ ৰাজনীতিত মুখ্য মন্ত্ৰী জেলিয়াঙৰ মন্ত্ৰীসভাত আজি দহজন বিধায়কৰ উপদেষ্টা হিচাপে অন্তৰ্ভুক্তি তথা শপতগ্ৰহণ হয়। ইয়াৰে ৮জন এন পি এফ দলৰ আৰু আন দুজন নিৰ্দলীয় বিধায়ক। আজি ক’হিমাৰ ৰাজ্যিক ভোজনালয়ত অনুষ্ঠিত এক শপতগ্ৰহণ অনুষ্ঠানত আটাইকেইজনে শপত লোৱাৰ লগতে দায়িত্ব লয়। তেওঁলোকক মুখ্য মন্ত্ৰী জেলিয়াঙে পদ আৰু গোপনীয়তাৰ শপত পাঠ কৰোৱায়। নতুন উপদেষ্টাকেইজনৰ নাম হ’ল : ই ই পাংটিম, চোটিশ্বু চাজো, ৱাইটিচু, এন থংৱাং কন্যাক, এন থমাছ লোথা, ৱোখো অ হোশ্বু, আৰ টোহানবা, টি টৰেচু, টবিহোটো এভেমি আৰু এন জেকব ঝিমমি। শপত গ্ৰহণ অনুষ্ঠানটোত এন পি এফৰ অধ্যক্ষ আৰু ডি এ এনৰ সভাপতি ড০ শ্বুৰহোজেলি লেইজিটচু, মন্ত্ৰী পৰিষদৰ সদস্যসকল, উপদেষ্টাসকল, সংসদীয় সচিবসকলৰ লগতে চৰকাৰৰ উচ্চ পৰ্য্যায়ৰ বিষয়াসকল উপস্থিত আছিল।

উল্লেখযোগ্য যে বিসম্বাদীৰ প্ৰতি কঠোৰ মনোভাব প্ৰদৰ্শন কৰি মুখ্য মন্ত্ৰী জেলিয়াঙে যোৱা কেইদিনমানৰ ভিতৰত ছজনকৈ কেবিনেট মন্ত্ৰী, তিনিজন উপদেষ্টা আৰু ছজন সংসদীয় সচিবক বৰ্খাস্ত কৰিছে, যিটো সকলোৰে বাবে এক প্ৰকাৰৰ সতৰ্কীকৰণ বুলিব পাৰি। অহা বছৰৰ প্ৰথম ভাগতেই নিৰ্বাচন হ’ব লগীয়া ৰাজ্যখনত মুখ্য মন্ত্ৰীজনৰ এনে স্থিতিয়ে নিশ্চয়কৈ তাৎপৰ্য্য বহন কৰিছে।