জয়ৰামপুৰত বিশ্ব মৃত্তিকা দিৱস পালন কৃষি বিকাশ কেন্দ্ৰৰ

বিশ্ব মৃত্তিকা দিৱস বা World Soil Day ৰ সৈতে সংগতি ৰাখি কালি (৫ ডিচেম্বৰ) অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰৰ কৃষি বিকাশ কেন্দ্ৰত দিৱসটো পালন কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ১৮৬জন কৃষকে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰাৰ লগতে তেওঁলোকে দেখা পোৱা বা সন্মুখীন হোৱা মাটি সম্পৰ্কীয় সমস্যাৰ বিষয়ে কয়। লগতে তেওঁলোকে মাটিৰ গুণগত মানৰ পৰীক্ষাৰ গুৰুত্ব সম্পৰ্কেও বক্তব্য দাঙি ধৰে। জয়ৰামপুৰ জিলা পৰিষদৰ সদস্য লংৰিয়ে কৃষকসকলক খেতিৰ বাবে ৰাসায়নিক সাৰ প্ৰয়োগৰ পৰিৱৰ্তে জৈৱিক পদ্ধতি অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়ে। আনহাতে অঞ্চল সমিতিৰ সভাপতি নবিনকাম টিখাকে মাটিৰ গুণাগুণ সম্পৰ্কে আৰু খেতিত তাৰ প্ৰভাৱ সম্পৰ্কে কৃষকসকলক অৱগত কৰাৰ চেষ্টা কৰে। ইয়াৰ পূৰ্বে জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ২০০টাকৈ মাটিৰ নমুনা সংগ্ৰহ কৰা হৈছিল আৰু কৃষকসকলৰ মাজত মাটিৰ গুণাগুণ কাৰ্ড বিতৰণ কৰা হৈছিল।

অনুষ্ঠানটোত পশুবিভাগৰ বিশেষজ্ঞ ডাঃ টিলিং টায়ো, এ ডি অ’ এছ ভট্টাচাৰ্য্য, ড০ প এইচ্ছ জি সিং, গ্ৰিগ্ৰেছেও আমা উপস্থিত থকাৰ লগতে টাফ্ৰালিয়াং আৰু চুগাৰৰ পৰা ৪৪ জন কৃষক উপস্থিত আছিল।