টংলাত প্ৰাক-বৰদিন উদযাপন

পবিত্ৰ বৰদিনৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ বিশ্বৰ খ্ৰীষ্টিয়ান সমাজৰ লগতে অসমৰ খ্ৰীষ্টিয়ান লোকসকলৰ মাজতো আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে। মন কৰিবলগীয়া যে গোটেই পৃথিৱীজুৰি খ্ৰীষ্টিয়ান লোকসকলে ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা প্ৰাক বৰদিন উদযাপনৰ এক পৰম্পৰা চলাই আহিছে, এই উপলক্ষ্যে শুক্ৰবাৰে ওদালগুৰি জিলাৰ টংলাৰ বৰদলৈ ভৱনত প্ৰাক বৰদিন উদযাপনৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। ‘প্ৰেম আৰু ইশ্বৰ’ বাণীৰে ‘কলেজ ষ্টুডেণ্টছ ইভানজেলিকেল য়ুনিয়ন’এ আয়োজিত কৰা উক্ত অনুষ্ঠানটোত যিশু বন্দনাৰ মাজেৰে যথেষ্ট আনন্দ আৰু উৎসাহেৰে উদযাপন কৰা হয়। অসমীয়া বড়ো আৰু ইংৰাজীত আবৃত্তি কৰা গছপেল আৰু যিশু বন্দনাৰে আৰম্ভ হোৱা অনুষ্ঠানটোৱে সভাগৃহত  এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰা দেখা যায়। ইয়াৰ পিছতে ৰাধৱ বসুমতাৰীয়ে আৰম্ভণী প্ৰাৰ্থনা পৰিৱেশন কৰে। খগেন বসুমতাৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত বড়ো জাতীয় খ্ৰীষ্টান কাউন্সিলৰ সভাপতি বেনজ্লাইগ্ৰা মোছাহাৰীয়ে ধৰ্ম প্ৰচাৰক হিচাপে অংশ গ্ৰহণ কৰি  তেওঁ যিশুখ্ৰীষ্টৰ জীৱন আৰু তেওঁ বিলাই যোৱা শিক্ষাৰ ওপৰত আলোকপাত কৰাৰ লগতে সকলোকে যিশুখ্ৰীষ্টৰ বাণী অনুকৰণ কৰিবলৈ আহ্বান জনায়। সঞ্জয় নাৰ্জাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত মাধুৰিমা চাংমাৰ সাংস্কৃতিক দলে বড়ো লোক নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানটোত খ্ৰীষ্ট ধৰ্মৰ লোকৰ উপৰি অঞ্চলটোৰ আন আন ধৰ্মীৰ লোকো উপস্থিত থাকে।