টাৱাঙত ৰডডেনদ্ৰন বাগিচাৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুৰ

Khandu today laid the foundation stone for Rhododendron Park at Tawang

অৰুণাচলৰ মুখ্য মন্ত্ৰী প্ৰেমা খাণ্ডুয়ে আজি টাৱাঙত এখন ৰডডেনদ্ৰন বাগিচাৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপনৰ সময়ত মুখ্য মন্ত্ৰী গৰাকীৰ সৈতে RWD সংসদীয় সচিব জম্বেই টাচি, স্থানীয় বিধায়ক ছেৰিং টাচি, পিচিচিএফ ওমকাৰ সিং, ১৯০ মাউণ্টেইন ব্ৰিগেডৰ বিগ্ৰেডিয়াৰ কমাণ্ডাৰ এম পি সিং আৰু অন্যান্ন লোক উপস্থিত থাকে।

উল্লেখযোগ্য যে টাৱাঙত ৫০তকৈ অধিক ভিন্ন প্ৰজাতিৰ ৰডডেনদ্ৰন ফুল পোৱা যায়।

মুখ্য মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে বাগিচাখনে কেৱল মাত্ৰ নগৰখনৰ সৌন্দৰ্য বৰ্ধন কৰাই নহয় ইয়াৰ উপৰি ই সেনা আৰু সীমান্ত পথ সংস্থাৰ দ্বাৰা চলি থকা পথ নিৰ্মাণ তথা ভূমি দখলৰ ফলত বিলুপ্ত হ’বলৈ ধৰা উক্ত ফুল প্ৰজাতিৰ সংৰক্ষণটো অৰিহণা যোগাব।

এসময়ত ১০০তকৈ অধিক প্ৰজাতিৰ ৰডডেনদ্ৰন থকা টাৱাঙত সীমান্ত অঞ্চলত চলি থকা নিৰ্মাণ কাৰ্যৰ ফলত ৫০ বিধলৈ হ্ৰাস পোৱাত তেওঁ দুখ প্ৰকাশ কৰে।

তেওঁ বাহিনী দুটাক দুষ্প্ৰাপ্য ফুল বিধৰ সংৰক্ষণৰ উপৰত গুৰুত্ব দিবলৈ অনুৰোধ জনাই।

১.১৫ হেক্টৰ এলেকা সামৰি ল’বলগীয়া বাগিচাখৰ নিৰ্মাণৰ বাবে বাবে সীমান্ত এলেকা উন্নয়ন আঁচনিৰ অধীনত আংশিক পুঁজি ধৰা হৈছে। ইয়াত ৩০ বিধতকৈ অধিক ৰডডেনদ্ৰন ৰোপন তথা সংৰক্ষণ কৰাৰ উপৰি ৰডডেনদ্ৰনৰ ওপৰত এটা তথ্য কেন্দ্ৰও স্থাপন কৰা হ’ব।