ডকমকা কাণ্ডৰ ন্যায় বিচাৰি মাজুলীত ৰাজপথলৈ ওলাই আহিল ছাত্ৰী

মাজুলীত ছাত্রীৰ প্রতিবাদ

কাৰ্বি আংলঙৰ ডকমকাৰ পাণজুৰিত দুজন যুৱকক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ ৰাজ্যখনকে জোকাৰি গৈছে। দুই প্ৰতিভাৱান যুৱকক এনেদৰে হেৰুৱাই সমগ্ৰ ৰাজ্যৰ লগতে ম্ৰিয়মান হৈ পৰিছে মাজুলীবাসীও।

আজি মাজুলী মহাবিদ্যালয়ৰ ছাত্ৰী সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ কমলাবাৰীৰ পৰা খোজ কাঢ়ি গড়মূৰ উপায়ুক্তৰ কাৰ্যালয়লৈ বিশাল ৰেলি উলিয়ায়। ছাত্ৰী সকলে এই ঘটনাৰ লগত জড়িত প্ৰত্যেককে কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাই মাজুলীৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

উল্লেখযোগ্য যে যোৱা শুকুৰবাৰে নিশা প্ৰায় ৮ বজাত কাৰ্বি আংলঙৰ ডকমকা থানাৰ অন্তৰ্গত ডেনগাঁও পাণজুৰি কছাৰী গাঁৱত গুৱাহাটীৰ পৰা যোৱা অভিজিৎ নাথ আৰু নীলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক স্থানীয় লোকে অন্ধবিশ্বাসৰ বলি হৈ সোপাধৰা সন্দেহত মৰিয়াই মৰিয়াই ৰাজপথতে অতি অমানৱীয়ভাৱে হত্যা কৰা ঘটনাই সমগ্ৰ অসমতে শোকৰ ছাঁ পেলাইছে।

গোটেই অসমতে এই অমানৱীয় হত্যাকাণ্ডৰ প্ৰতিবাদত জনসাধাৰণ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাৱ্যস্ত কৰাৰ লগতে দোষীসকলক কঠোৰতম শাস্তিৰ দাবী উত্থাপন কৰিছে।