• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈত বৃহত্তৰ ঐক্য মঞ্চৰ অৰ্থনৈতিক অৱৰোধ : ডিগবৈ শোধনাগাৰত থলুৱা যুৱক-যুৱতীৰ নিযুক্তিৰ দাবী সংগঠনটোৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 2, 2018 11:55 am
302678a0-65a5-41ed-bbf4-14685c0a0042
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিগবৈস্থিত ভাৰতীয় তেল নিগম (অসম তেল সংমণ্ডল) প্ৰতিষ্ঠানৰ ডিগবৈ শোধনাগাৰ আৰু এ.অ’.ডিৰ বিভিন্ন স্থানত বিগত সময়ছোৱাৰ পৰা অঞ্চলটোৰ স্থানীয় শিক্ষিত যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা নকৰি বহিঃৰাগত যুৱক-যুৱতীক নিযুক্তি দিয়া কাৰ্যৰ বিৰুদ্ধে ডিগবৈৰ বৃহত্তৰ ঐক্য মঞ্চই আজি গ্ৰহণ কৰিছে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী।

উল্লেখযোগ্য যে এ.অ’.ডিৰ অধীনত ৰিফাইনেৰী, চিকিৎসালয়, কেণ্টিন আদি বিভিন্ন স্থানত থলুৱা যুৱক-যুৱতীৰ বিপৰীতে বহিঃৰাগত যুৱক-যুৱতীক স্থায়ী ঠিকাভিত্তিক শ্ৰমিক হিচাপে নিয়োগ কৰা কাৰ্যক স্থানীয় আঞ্চলিক দল-সংগঠনে বিভিন্ন সময়ত তীব্ৰ বিৰোধ প্ৰদৰ্শন কৰি অহা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি এই সম্পৰ্কত যোৱা ১৫ মাৰ্চত ডিগবৈৰ আই অ চি কৰ্তৃপক্ষক ১০০ শতাংশ থলুৱা নিযুক্তিৰ দাবী জনায় এখন স্মাৰক পত্ৰও প্ৰদান কৰিছিল যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা বুলি স্থানীয় দল-সংগঠনৰ নেতৃবৃন্দই অভিযোগ উত্থাপন কৰিছে।

থলুৱা লোকৰ নিযুক্তি, স্থানীয় বাট-পথ নিৰ্মাণ, স্থানীয় মেধাবী ছাত্ৰ-ছাত্ৰীক জলপানি, থলুৱা যুৱক-যুৱতীক বিভিন্ন বিষয়ত প্ৰশিক্ষণ আদি দাবীসমূহ উত্থাপন কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰা কাৰ্যত ক্ষুন্ন হৈ ডিগবৈৰ বৃহত্তৰ ঐক্য মঞ্চই আজি অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অৱলম্বন কৰা পৰিলক্ষিত হয়।

প্ৰতিবাদস্থলীৰ পৰাই প্ৰতিবাদকাৰীসকলে পাঁচ দফীয়া উক্ত দাবী সম্বলিত স্মাৰকপত্ৰৰ জৰিয়তে তেওঁলোকৰ দাবীসমূহ পুনৰবাৰ উত্থাপন কৰে।

উল্লেখযোগ্য যে ঐক্য মঞ্চই গুৱাহাটীস্থিত ভাৰতীয় তেল নিগমৰ কাৰ্যবাহী সঞ্চালক বিপননলৈ উক্ত দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰে। ইয়াৰ উপৰি এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ডিগবৈ শোধনাগাৰৰ বিভিন্ন বিভাগৰ উপৰি তিনিচুকীয়াৰ জিলা উপায়ুক্ত, জিলাখনৰ আৰক্ষী অধীক্ষক আৰু মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিলৈ উক্ত দাবী সম্বলিত প্ৰতিলিপি প্ৰেৰণ কৰা দেখা যায়।

বিভাগীয় কৰ্তৃপক্ষলৈ স্মাৰকপত্ৰৰ জৰিয়তে প্ৰেৰণ কৰা দাবীসমূহ অতি শীঘ্ৰে সহাঁৰি নজনালে ৭২ ঘণ্টাৰ ভিতৰত তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে। ইফালে আজিৰ এই প্ৰতিবাদৰ ফলত ৰিফাইনেৰীৰ কাম-কাজ সম্পূৰ্ণৰূপে ব্যাহত হোৱা বুলিও আমালৈ খবৰ আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

এচিএছ নুপুৰ বৰাৰ ফ্লেটত ভিজিলেন্সৰ অভিযান : উদ্ধাৰ নগদ ১০ লাখ টকাৰ লগতে বৃহৎ পৰিমাণৰ সোণ আৰু হীৰা

September 15, 2025 6:40 pm
অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

অষ্ট্ৰেলিয়া এৰ বিৰুদ্ধে শৃংখলাত ভাৰত এ দলৰ বাবে নিৰ্বাচিত অসমৰ প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ ৰিয়ান পৰাগ

September 15, 2025 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

ভদিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন : প্লাৱিত লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ আৰু ওদালগুৰি জিলা

September 15, 2025 7:42 pm
জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

জ্যোতি চিত্ৰবনত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ‘Soul’ তথ্য-চিত্র ছবি সমাৰোহ

September 15, 2025 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd