ডিব্ৰুগড়ত কন্ঠশিল্পী নীল আকাশক সুৰামত্ত দুৰ্বত্তৰ আক্ৰমণ

কালি নিশা অসমৰ জনপ্ৰিয় কন্ঠশিল্পী নীল আকাশক ডিব্ৰুগড় জিলাৰ মোহনবাৰী অঞ্চলত এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে। জানিব পৰা মতে জোৎস্না শইকীয়াৰ ছোৱালীৰ বিয়া খাবলৈ কন্ঠশিল্পী জনে মোহনবাৰী অঞ্চললৈ গৈছিল।কন্ঠশিল্পী জনে তেওঁৰ ব্যক্তিগত বাহনখন বিয়াস্থলীৰ পৰা প্ৰায় ১০০ মিটাৰ দূৰত্বত ৰাখিছিল। বিয়াৰ পৰা নিজৰ গাড়ীলৈ বুলি খোজ কাঢ়ি আহি থাকোতে কোনো সুৰামত্ত অচিনাক্ত দুৰ্বৃত্তই অপব্যৱহাৰ কৰি তেওঁৰ ওপৰত আক্ৰমণ কৰে। শিল্পীজনে আক্ৰমণৰ পৰা নিজকে বচাবলৈ বিয়া ঘৰত আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হয়। আজি এই কথা সদৰী কৰে মোহনবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত বৰাই। লগতে ঘটনা সন্দৰ্ভত ১৭১/২০১৭ নম্বৰত এটা গোচৰ ৰুজু কৰা বুলিও জানিবলৈ দিয়ে। এজাহাৰৰ ভিত্তিত কালিয়া নামৰ এজন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু লগতে ঘটনাৰ তদন্ত অব্যাহত ৰখা বুলি জানিবলৈ দিছে। এই পৰ্যন্ত শিল্পীজনে ঘটনা সন্দৰ্ভত সংবাদ মাধ্যমত কোনো মন্তব্য আগবঢ়োৱা নাই।