ডিব্ৰুগড়ত হ’ব অসমৰ প্ৰথমটো চি এন জি ষ্টেইশ্যন

ৰাজ্যখনৰ প্ৰথমটো কম্প্ৰেছড নেচাৰেল গেছ (চি এন জি) ষ্টেইশ্যন ডিব্ৰুগড়ত স্থাপনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ হৈছে। অসম গেছ কোম্পানী লিমিটেড (এ জি চি এল ) এ নিশ্চিত কৰিছে যে ডিব্ৰুগড় চহৰত চি এন জি ষ্টেইশ্যন স্থাপনৰ বাবে আনুষ্ঠানিক সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠিছে আৰু ইয়াৰ বাবে নিৰ্মাণৰ কাম আজিৰ পৰা আৰম্ভ কৰা হ’ব। ষ্টেইশ্যনটো ডিব্ৰুগড় চহৰৰ চৌকিডিঙিত স্থাপন কৰা হ’ব।

এ  জি চি এলে স্থাপন কৰা চি এন জি ষ্টেইশ্যনটো আৰম্ভ হ’লে  ডিব্ৰুগড়ৰ যন্ত্ৰচালিত যান বাহনৰ গৰাকীসকলে এতিয়াৰে পৰা এটা বিশুদ্ধ ইন্ধনৰ বিকল্প লাভ কৰিব। ষ্টেইশ্যনটোত ঘণ্টাত প্ৰায় ৭০ খন সৰু গাড়ীয়ে ইন্ধন ভৰাব পৰা ব্যৱস্থা থাকিব।

এজিচিএলৰ পৰিচালন সঞ্চালক আদিত্য কুমাৰ শৰ্মাই কয় যে এজিচিএলে এক প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টি কৰাৰ প্ৰচেষ্টা চলাইছে আৰু অসমত চিএনজি প্ৰচলন তাৰেই এক পদক্ষেপ। তেওঁ কয় যে চি এন জি কেৱল প্ৰদূষণমুক্ত ইন্ধনেই নহয় লগতে ই অতি সস্তাও। শৰ্মাই কয় যে যদি কোনোবাই ডিজেলত ১০০ টকা খৰচ কৰিবলগীয়া হৈছে তেতিয়া তেওঁ চিএনজিৰ বাবে ৬৫-৬৭ টকা খৰচ কৰিলেই হ’ব।

সঞ্চালকগৰাকীয়ে লগতে কয় যে ডিব্ৰুগড়ত চিএনজি সেৱা আৰম্ভ কৰাৰ কাৰণ হ’ল চহৰখনত থকা কম সংখ্যক যান বাহন। এবাৰ প্ৰকল্পটো সফল হ’লে আৰু অধিক সংখ্যক লোকে চিএনজি ব্যৱহাৰ কৰিবলৈ আগবাঢ়ি আহিলে ৰাজ্যখনৰ অন্যান্য স্থানত এনেধৰণৰ চিএনজি ষ্টেইশ্যন স্থাপন কৰা হ’ব। পৰৱৰ্তী পৰ্যায়ত তিনিচুকীয়া, শিৱসাগৰ আৰু যোৰহাটত চিএনজি ষ্টেইশ্যন স্থাপনৰ প্ৰকল্পৰ পৰিকল্পনা আছে।