• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডিব্ৰুগড় বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ চুডামা পাণ্ডেৰ জামিন মঞ্জুৰ

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
May 3, 2018 5:31 pm
-56555_66564

প্ৰতিনিধিত্বমূলক চিত্ৰ

96
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী সুৰক্ষা কৰ্মীৰ গোচৰৰ ভিত্তিত বুধবাৰে গ্ৰেপ্তাৰ হোৱা ডিব্ৰুগড় বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰ চুডামা পাণ্ডেৰ কালি সন্ধিয়া জামিন মঞ্জুৰ হয়।

উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ স্ত্ৰীৰোগ বিভাগৰ সুৰক্ষাৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীজনক ইচ্ছাকৃতভাৱে বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজনে শাৰিৰীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। আৰু এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বিজেপিৰ ৱাৰ্ড কমিশ্যনাৰজন কালি সন্ধিয়া বৰবাৰি আৰক্ষী চকীৰ পৰা জামিন লাভ কৰে।

চিকিৎসালয়খনৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে মঙলবাৰে বিয়লি চুডামা পাণ্ডে নামৰ বিজেপিৰ নেতাজনে চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা কোনো আত্মীয়ৰ খবৰ ল’বলৈ যাওতে সুৰক্ষা কৰ্মীজনে তেওঁক বাধা প্ৰদান কৰে। এই কাৰ্যত ক্ষুন্ন হৈয়ে বিজেপি নেতাজনে সুৰক্ষা কৰ্মীজনৰ লগত তীব্ৰ বাক বিতণ্ডাত লিপ্ত হয়। অভিযোগ অনুসৰি নেতাজনে সুৰক্ষা কৰ্মীজনক শাৰিৰীকভাবেও আক্ৰমণ কৰে যাৰ ফলত সুৰক্ষাৰ দায়িত্বত থকা কৰ্মীগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হয়।

সুৰক্ষা কাৰ্যত নিয়োজিত হৈ থকা সুৰক্ষা কৰ্মীজনে এই ঘটনাৰ বিৰুদ্ধে বৰবাৰি আৰক্ষী চকীত এক গোচৰ ৰুজু কৰে। আৰু এই গোচৰৰ ভিত্তিতে  আৰক্ষীয়ে বুধবাৰে বিজেপি নেতাজনক গ্ৰেপ্তাৰ কৰে যদিও সন্ধিয়ালৈ জামিন লাভ কৰি মুক্তি লাভ কৰে।

ঘটনা সন্দৰ্ভত সুৰক্ষা কৰ্মীজনে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয়- ‘চুডামা পাণ্ডে নামৰ ব্যক্তিজনে আত্মীয়ক লগ কৰিবলৈ যোৱা সময়ত চিকিৎসকে ৰোগী চাই আছিল। কোঠাৰ ভিতৰত চিকিৎসক থকা বাবে মই তেওঁক যাবলৈ বাধা প্ৰদান কৰিছিলো। বাধা প্ৰদান কৰাত তেওঁ মোৰ লগত অযথা বাক বিতণ্ডা কৰিবলৈ লয় আৰু অৱশেষত তেওঁ মোক শাৰিৰীকভাৱে আক্ৰমণ কৰে আৰু মই বেয়াকৈ আঘাত পাওঁ’।

কিন্তু এই ঘটনাক সম্পূৰ্ণৰূপে নসাৎ কৰি  চুডামা পাণ্ডে সংবাদ মাধ্যমৰ আগত কিছু বেলেগকৈ মন্তব্য প্ৰদান কৰা দেখা যায়। তেওঁ কয় যে মোৰ এগৰাকী আত্মীয় চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা বাবে মই খবৰ ল’বলৈ গৈছিলো। চিকিৎসালয়খনৰ সুৰক্ষা কৰ্মীসকলে ৰোগীসকলৰ লগতে চিকিৎসাধীন হৈ থকা লোকসকলৰ খবৰ ল’বলৈ যোৱা আত্মীয়সকলক দুৰ্ব্যৱহাৰ কৰে বুলিহে গুৰুতৰ অভিযোগ উত্থাপন কৰা দেখা যায়।

ইফালে এই ঘটনাক তীব্ৰ গৰিহণা দিছে সদৌ অসম চুতিয়া ছাত্ৰ সন্থাই। ৰাজ্যৰ মহিলাসকল কিমান সুৰক্ষা বুলি সংগঠনটোৱে প্ৰশ্ন তোলে বিজেপি নেতৃত্বাধীন চৰকাৰখনক।

Recent News

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd