ডিমা হাচাওত ঘাইপথ মেৰামতিৰ দাবীত বহিমচন্দ্ৰ লাংঠাছাৰ আমৰণ অনশন

Bahim Langthasa stages indefinite hunger strike at Dima Hasao

পূৰ্ব ঘোষিত কাৰ্যাসূচী অনুসৰি ডিমা হাচাওত ঘাইপথ মেৰামতিৰ লগতে বিদ্যুৎ সেৱাৰ দাবীত হাফলঙৰ বিশিষ্ট নাগৰিক তথা ডিমাচা এপেক্স বডি জাদিখে নাইশ্ব হচ’মৰ প্ৰতিষ্ঠা সভাপতি বহিমচন্দ্ৰ লাংঠাছা আজিৰে পৰা আমৰণ অনশনত বহিছে।

মাইবাং মহকুমাৰ কালাচান্দ বাশাবাৰি তিনি আলিত আজি দিনৰ ১০বজাৰ পৰা এই অনশন কাৰ্যসূচী আৰম্ভ হৈছে।

লাংঠাছাৰ প্ৰতি সমৰ্থন আগবঢ়াই সদৌ অসম ডিমাচা ছাত্ৰ সন্থা (আডছু)ৰ লগতে জিলাৰখনৰ একাংশ সমাজকৰ্মীয়ে অনশনত যোগ দিয়া দেখা যায়।

উল্লেখযোগ্য যে পাৰ্বত্য জিলাখনৰ মাইবাং মহকুমাৰ অন্তৰ্গত খেজুৰবন্দ-খেপ্ৰে অৰ্থাৎ কে কে ৰোডৰ সামগ্ৰিক অবস্থা ইমানে বেয়া যে সেই পথেদি যান-বাহন চলাচল কৰিব পৰা অবস্থাত নাই। আচৰিত ভাবে ৰাইজৰ এই সমস্যাসমূহৰ প্ৰতি গড়কাপ্তানি বিভাগৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কোনো ভ্ৰূক্ষেপ নাই।

পৰিৱৰ্তনৰ শ্ল’গানেৰে কেন্দ্ৰৰ লগতে ৰাজ্যত ক্ষমতালৈ অহা বিজেপি চৰকাৰে আজিকোপতি ডিমা হাচাওৰ বাট-পথ মেৰামতিৰ উপৰি গাঁও অঞ্চলত বিদ্যুৎ সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা লোৱা পৰিলক্ষিত নহ’ল।

যাৰ পৰিপ্ৰেক্ষিতত ডিমা হাচাওৰ বিশিষ্ট নাগৰিক তথা জাদিখে নাইশ্ব হচ’মৰ প্ৰতিষ্ঠাতা সভাপতি বহিমচন্দ্ৰ লাংঠাছাৰ নেতৃত্বত আডছু আৰু স্থানীয় একাংশ সমাজ সচেতন লোকে অঞ্চলটোত বিদ্যুৎ সেবা প্ৰদান আৰু হাফলং আৰু খেপ্ৰেৰ মাজত অসম পৰিবহন নিগমৰ বাস পৰিসেবা চালু কৰাৰ দাবীত আজিৰ  পৰা আমৰণ অনশন আৰম্ভ কৰিছে।