ডিমৌত আনুষ্ঠানিকভাৱে মুকলি ৰাজা বড়াৰ নতুন গীত ‘এতিয়া জোনাকে’

ৰাজা বড়া

দেওবাৰে সন্ধিয়া ৫ বজাত ডিমৌত অসমীয়া চলচ্চিত্ৰ তথা গীতৰ অনলাইন আৰু অফলাইন  প্ৰচাৰ কৰা অসমৰ আগশাৰীৰ এটা ৱেবচাইট ‘জিলিকনি’ৰ উদ্যোগত আৰু ‘ইউনিক ভইচ প্ৰডাকচন’ৰ নিবেদনত  এটা নতুন গানৰ মুকলি অনুষ্ঠান হৈ যায়।

নৱপ্ৰজন্মৰ উদীয়মান কণ্ঠশিল্পী তথা ২০১৫ চনৰৰ জুবিন গাৰ্গ মহোৎসৱৰ চূড়ান্ত বিজয়ী ৰাজা বড়াৰ নতুন গীত ‘এতিয়া জোনাকে’ য়ুটিউৱত  আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। সেই উদ্দেশ্যেই গীতটি য়ুটিউৱত মুকলি কৰি দিয়াৰ পূৰ্বে যোৱা কালি ডিমৌ আলুন নগৰত আনুষ্ঠানিকভাৱে গীতটিৰ এক শুভ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়।

‘জিলিকনি’ৰ স্বত্বাধিকাৰী হিতোজ্বল চেতিয়াই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ চলচ্চিত্ৰ পৰিচালক প্ৰয়াত মুনিন বৰুৱা দেৱৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি এগছি বন্তি প্ৰজ্বলন কৰি উপস্থিত সকলো ৰাইজে ১ মিনিট সময় মৌন প্রার্থনা কৰে।

আনহাতে অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে ডিমৌৰ জ‍্যেষ্ঠ ধৰ্মপ্ৰাণা মহিলা শ্ৰীযুতা ৰত্না চেতিয়াই। অনুষ্ঠানত উপস্থিত থকা অৰ্ধশতাধিক ৰাইজৰ সন্মুখত কণ্ঠশিল্পী ৰাজা বড়াই গীতটি পৰিৱেশন কৰি অসমৰ ৰাইজলৈ আনুষ্ঠানিকভাৱে মুকলি কৰি দিয়ে। অনুষ্ঠানটোত ৰাজা বড়াৰ লগতে গীতটিৰ প্ৰযোজক জিটো চেতিয়া, মনোজ বৰগোঁহাই আৰু ৰুবুল গগৈ ডাঙৰীয়া উপস্থিত থাকে।

অনুষ্ঠানটোত উপস্থিত থকা ৰাইজে ৰাজা বড়াৰ ‘এতিয়া জোনাকে’ গীতটিৰ বিশেষ ভাৱে শলাগ লয়।