ডিমৌত ১৮ খন চৰকাৰী বিদ্যালয়ত আকস্মিক পৰিদৰ্শন জিলা শিক্ষা বিষয়াৰ

FB_IMG_1522860176635

বুধবাৰে শিৱসাগৰ জিলাৰ ডিমৌৰ ১৮খন চৰকাৰী বিদ্যালয়ত আকস্মিক পৰিৰ্দশন কৰে শিৱসাগৰ জিলা শিক্ষা বিষয়া আব্দুল জেলিলে। জিলা শিক্ষা বিষয়াজনৰ আকস্মিক বিদ্যালয় পৰিৰ্দশনৰ সময়ত বিদ্যালয়সমূহৰ কেতবোৰ পাল মৰা কাৰ্য উন্মোচিত হৈ পৰে।

পৰিদৰ্শন কালত শিক্ষা বিষয়াজনে কৰ্তব্যত অৱহেলাৰ অভিযোগত ১০ জন শিক্ষকৰ বিৰুদ্ধে দৰমহা বন্ধ তথা এদিনৰ দৰমহা কৰ্তন কৰে।

ৰাজ্যৰ শিক্ষাখণ্ডক বিতৰ্কমুক্ত তথা নিকা কৰাৰ লক্ষ্যৰে বৰ্তমান শিক্ষা বিভাগ কঠোৰ হোৱা বুলি মত পোষণ কৰে বিষয়াগৰাকীয়ে।

ইয়াৰ লগতে জিলা শিক্ষা বিষয়াজনৰ এই আকস্মিক পৰিদৰ্শনে একপ্ৰকাৰে একাংশ চৰকাৰী খণ্ডৰ বিদ্যালয়ত ঘটি থকা কেতবোৰ নীতি বহিৰ্ভুত কাণ্ড উদঙাই দিয়ে।

ভৱিষ্যতেও বিষয়াগৰাকীয়ে এনে ধৰণে ‘চাডেন ভিজিট’ দি বিদ্যালয়সমূহ পৰিদৰ্শন কৰাৰ লগতে যিকোনো অভিযুক্তৰ ওপৰত যথোচিত ব‍্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আনহাতে, বিষয়াগৰাকীৰ এনে তৎপৰতাক চৰকাৰী খণ্ডৰ বিদ্যালয়ৰ সৈতে জড়িত অভিভাৱক তথা ৰাইজে শলাগিছে।