তামুলপুৰত দলং ভাঙি পৰাৰ ফলত ব্যাহত হৈ পৰিছে ৩০ খনৰো অধিক গাঁওৰ যাতায়াত

তামুলপুৰত দলং খহিল

বিগত কেইবাদিন ধৰি হোৱা নেৰা-নেপেৰা বৰষুণৰ ফলত অতি সম্প্ৰতি তামুলপুৰ মহকুমাৰ  নাগ্ৰীজুলি উন্নয়ন খণ্ডৰ অধীনস্থ মতিগাঁওত কাউলি-তামুলপুৰ সংযোগী পথটোৰ ওপৰত থকা এখন পকী  দলং ভাঙি পৰাৰ ফলত অঞ্চলটোত যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে।
প্ৰায় ৩০ খনৰো  অধিক গাঁওৰ ত্ৰিশ হেজাৰেৰো অধিক লোকে  অহা যোৱা কৰা পথটোৰ মাজ অংশত দলং ভাঙি পৰাক লৈ পূৰ্বৰ ঠিকাদাৰ তথা গড়কাপ্তানী বিভাগক কটু সমালোচনা কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে।

ইপিনে স্থানীয় একাংশ ৰাইজে  এই দলংখন নিজা ববীয়াকৈ কাঠ বাঁহেৰে অস্থায়ী ভাবে মেৰামতি কৰি দলং খনেৰে পাৰ হ’ব পৰা ব্যৱস্থা কৰি  দলংখনেৰে পাৰ হোৱা দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ পৰা ধন সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

চাৰিওফালে চৰকাৰে উন্নয়নমূলক আঁচনি ৰূপায়ন কৰি স্মাৰ্ট চিটিৰ চিন্তা কৰিছে  যদিও পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰৰ বিভিন্ন আঁচনিয়ে এতিয়াও বিটিএডিৰ গ্ৰাম্য অঞ্চলত স্পৰ্শ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

উক্ত কাউলি-তামুলপুৰ সংযোগী এই  গড়কাপ্তানী পথটোৰে দৈনিক মহাবিদ্যালয়-বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীকে আদি কৰি চাকৰিয়াল, ব্যৱসায়ী তথা বহুতো লোকে অহা যোৱা কৰে যদিও দলংখন ভাঙি পৰাত এতিয়া সমস্যাৰ সম্মুখীন হৈ পৰিছে।

উল্লেখ্য যে, বৃহত্তৰ তামুলপুৰ মহকুমাৰ কাউলীকে আদি কৰি প্ৰায় ৩০ খনৰো অধিক গাঁওৰ ৰাইজে দৈনিক যাতায়ত কৰে এই ব্যস্তপূৰ্ণ পথেৰে। কাউলীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰীবাহী বাছ কেইখনো  দলং ভাঙি পৰাত সম্প্ৰতি মতিগাঁওতে আবদ্ধ হৈ থাকিব লগা হৈছে। ফলস্বৰূপে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোৰ যাত্ৰী সকলৰ মাজত।

এনেদৰে যাতায়াত ব্যৱস্থা বৰ্তমান বন্ধ হৈ পৰাত স্থানীয় ৰাইজে যদিও দলংখনৰ ওপৰত কিছু মাটি পেলাই মটৰচাইকেল তথা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ অহা যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে, মাথোঁ দুই এদিনতে জহি খহি আকৌ পূৰ্বৰ দশা হ’ব বুলি ৰাইজ শংকিত হৈ পৰিছে।

আনহাতে, কাউলি-কুমাৰীকাটা সংযোগী মূল পথটোৰ মাজ ভাগৰ মটঙা নৈৰ ওপৰত দলং নথকাৰ বাবে আৰু নৈৰ জলপৃষ্ঠা দৈনিক বৃদ্ধি হোৱাৰ বাবে ব্যাহত হৈ পৰিছে যান-বাহন চলাচল।  ইয়াৰ ফলত মাটঙা নৈৰ পাৰত আৱদ্ধ হৈ পৰিছে বহুতো যানবাহন।

অঞ্চলটোৰ ব্যৱসায়ী সকলে জানিবলৈ দিয়া মতে, আৰু কিছু দিন এনেকৈ নেৰানেপেৰা বৰষুণ দি থাকিলে আৰু পথৰ মাজে মাজে দলংসমূহ অনতিপলমে আকৌ মেৰামতি নকৰিলে অঞ্চলটোত খাদ্য সংকটেও দেখা দিব পাৰে ।