চেপা উত্তেজনা আৰু আতংকৰ মাজত তিনিচুকীয়াৰ সীমামূৰীয়া অঞ্চলবাসী

চৰকাৰী পক্ষই ৰাজ্যলৈ শান্তি ঘূৰি আহিছে বুলি দাবী কৰিলেও কালিৰ বৰডুমচাৰ ঘটনাটোৱে বহু কথাই পুনৰ মানুহক ভবাই তুলিছে। আনকি যোৱা 9 ডিচেম্বৰত মেঘালয়ৰ এক অনুষ্ঠানত অভ্যন্তৰীণ চোৰাংচোৱা সংস্থাৰ মুৰব্বী ৰাজী জৈনে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল এতিয়া শান্তিপূৰ্ণ অৱস্থাত আছে বুলি মন্তব্য কৰি গৈছিল। তাৰ ঠিক তিনি দিন পিছতে কালি বৰডুমচাত সন্দেহযুক্ত আলফা (স্বাধীন) সদস্যৰ গুলীত দুজনকৈ লোকৰ প্ৰাণ গ’ল। এই ঘটনাটোৱে অসমৰ তিনিচুকীয়া জিলা আৰু অৰুণাচলৰ নামচাই জিলাৰ সীমামূৰীয়া অঞ্চলটোৰ লোকসকলক এক আতংক তথা চেপা উত্তেজনাৰ মাজলৈ ঠেলি দিছে। লগতে অসমৰ জনসাধাৰণক পুনৰ সেই ৰক্তাক্ত দিনবোৰ, অনিশ্চয়তাৰ দিনবোৰলৈ মনত পেলাই দিছে। আনহাতে চৰকাৰৰ আশ্বাসত ভৰসা কৰি থাকিব নোৱাৰি যে সেই কথা কালিৰ ঘটনাই প্ৰমাণ কৰি গ’ল। কাৰণ যোৱা দুমাহ মান তিনিচুকীয়া জিলাখনত, বিশেষকৈ অৰুণালচৰ সীমামূৰীয়া অঞ্চলত আলফা (স্বাধীন)ৰ সক্ৰিয় উপস্থিতিৰ বহুতো প্ৰমাণ পোৱা গৈছিল যদিও চৰকাৰে ইয়াক প্ৰায় অৱহেলা কৰাৰ দৰে হ’ল। ধন দাবী, শূন্যলৈ গুলী চালনা আদিৰ দৰে ঘটনা সংঘটিত হোৱাৰ পিছতো নিৰাপত্তা বাহিনীৰ কোনো অতিৰিক্ত সতৰ্কতা বা অভিযান চকুত পৰা নাছিল। ফলত আলফাৰ পুনৰ সক্ৰিয়তা সীমামূৰীয়া জিলাখনৰ লোকসকলৰ বাবে এক নৈমিত্তিক শংকাত পৰিণত হৈছে। উল্লেখযোগ্য যে কালি জিলাখনৰ বৰডুমচা আৰক্ষী থানাৰ অধীনৰ সোণজান গাঁৱত গধূলি ৮ বজাত গাওঁখনৰে অন্তেশ্বৰ মহন্তৰ ঘৰত তিনিজন সন্দেহযুক্ত উগ্ৰপন্থী প্ৰৱেশ কৰি অন্তেশ্বৰ মহন্ত আৰু তেওঁৰ পুত্ৰ কৰুণ মহন্তৰ সৈতে কিছু কথা বিনিময় কৰাৰ পিছতে তেওঁলোকৰ ওপৰত গুলী বৰ্ষণ কৰে। উগ্ৰপন্থীকেইজন সেনাৰ পোচাকত আহিছিল বুলি জানিব পৰা গৈছে। পিছত পিতা-পুত্ৰক চিকিৎসালয়লৈ নিয়াৰ পথত দুয়োজনৰে মৃত্যু হয়। আৰক্ষীয়ে জনোৱা মতে এই ঘটনাটো আলফা (স্বা) ৰূপম অসমৰ নেতৃত্বত হৈছে। আছু, মৰাণ ছাত্ৰ সন্থাকে ধৰি কেইবাটাও দল-সংগঠনে গৰিহণা দিছে।

আনহাতে আজি মৰাণ ছাত্ৰ সন্থাই এই ঘটনাৰ প্ৰতিবাদত আৰু চৰকাৰৰ ক্ষিপ্ৰ সক্ৰিয়তা দাবী কৰি ঘাইপথ অৱৰোধৰ কাৰ্য্যসূচী লৈছে। উল্লেখযোগ্য যে ঘটনাৰ বাবে এতিয়াও আৰক্ষী তথা সামৰিক বাহিনীয়ে এজনকো গ্ৰেপ্তাৰ কৰিব পৰা নাই।