তেজপুৰত চাৰিদিন পূৰ্বে হত্যা কৰা মহিলাৰ মৃতদেহ শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ

প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যখনত হত্যা, ধৰ্ষণকে ধৰি নাৰীজনিত অপৰাধ ধাৰাবাহিকভাৱে সংঘটিত হৈ থকাৰ সময়তে মঙলবাৰে পুৱা এগৰাকী মহিলাৰ মৃতদেহ শৌচাগাৰৰ টেংকীৰ পৰা উদ্ধাৰ হয়।

প্ৰাপ্ত তথ্য মতে মৃত মহিলাগৰাকীক নিজ স্বামীয়ে হত্যা কৰি  শৌচাগাৰত পেলাই থৈছিল বুলি জানিব পৰা গৈছে। হত্যাকৰী স্বামীক আৰক্ষীয়ে মহৰু উদ্দিন বুলি চিনাক্ত কৰিছে।

মহৰু উদ্দিনে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে চাৰিদিন পূৰ্বেই তেজপুৰৰ ১ নং দলবাৰীৰ নেপালীপট্টিৰ নিৱাসী মহৰু উদ্দিনে নিজ পত্নীক হত্যা কৰি শৌচাগাৰৰ টেংকীত পেলাই থৈছিল।

আনহাতে মৃত মহিলা গৰাকী আৰক্ষীয়ে আছমিনা বেগম বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে।

ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী মহৰু উদ্দিনক হত্যাৰ আঁৰৰ কাহিনী উদ্ধাৰৰ বাবে সোধ-পোছ অব্যাহত ৰাখিছে।