তেজপুৰত প্ৰাক্তন সৈনিক সমাৱেশৰ আয়োজন

কালি বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত ইতিহাসত বিশেষ স্থান দখল কৰি থকা অসমৰ শোণিতপুৰ জিলা আৰু বিশ্বনাথ চাৰিআলি জিলাৰ বীৰ নাৰীসকল আৰু প্ৰাক্তন সৈনিকসকলৰ বাবে এক প্ৰাক্তন সৈনিক সমাৱেশৰ আয়োজন কৰা হয়।  ব্লেজিং ছ’ৰ্ড ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিং এই অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল। অনুষ্ঠানটোত ভালে সংখ্যক সাধাৰণ লোকৰ লগতে আৰু সামৰিক বিভাগৰ বিষয়া-কৰ্মী উপস্থিত আছিল।

ব্লেজিং ছ’ৰ্ড ডিভিজনৰ জেনেৰেল অফিচাৰ কমাণ্ডিঙে তেওঁৰ উদ্বোধনী ভাষণত কয় যে অৱসৰপ্ৰাপ্ত সৈনিকসকলৰ কল্যাণ ভাৰতীয় সেনা বাহিনীৰ এটা গুৰুত্বপূৰ্ণ বিষয়। তেওঁ অনুষ্ঠানটোত উপস্থিত থকা সকলোকে সেনাবাহিনীৰ এডজুটেণ্ট জেনেৰেল ব্ৰান্স আৰু কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰাক্তন সৈনিকসকল তথা বীৰ নাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে লোৱা বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা সোঁৱৰাই দিয়ে। জেনেৰেল অফিচাৰ কমাণ্ডিংজনে জ্যেষ্ঠসকলে সেনাৰ পোচাক খুলি থ’লেও তেওঁলোকৰ ভাল যতন লোৱাটো নিশ্চিত কৰাৰ বাবে সেনাই লোৱা সিদ্ধান্তৰ কথাত জোৰ দিয়ে। সমাৱেশৰ উল্লেখযোগ্য দিশ আছিল প্ৰাক্তন সৈনিকসকল, শাৰীৰিকভাৱে সক্ষমতা হেৰোৱা সৈনিক আৰু বীৰ নাৰীসকলক মুখ্য অতিথিৰ দ্বাৰা সম্বৰ্ধনা জনোৱা।

ইয়াৰ পিছতে এখন আলোচনা সভা অনুষ্ঠিত কৰা হয়। আলোচনাত সেনা বিভাগ আৰু অসামৰিক প্ৰশাসনৰ প্ৰতিনিধিসকলে প্ৰাক্তন সৈনিকসকল আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলৰ সমস্যাবোৰ সম্পৰ্কে আলোচনা কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি এটা স্বাস্থ্য শিবিৰো আয়োজন কৰা হৈছিল, য’ত প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। নৱ প্ৰজন্মৰ যুৱকসকলক সেনা বাহিনীলৈ আকৰ্ষণ কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থাও কৰা হৈছিল। জানিব পৰা মতে শোণিতপুৰ আৰু বিশ্বনাথ চাৰিআলি জিলাৰ বহু সংখ্যক প্ৰাক্তন সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগতে অসামৰিক লোকো অনুষ্ঠানটোত উপস্থিত আছিল।