তেজপুৰৰ সেনা মুখ্য কাৰ্যালয়ত উচ্চস্তৰীয় বৈঠক

আজি সেনা বাহিনীৰ জিঅ’চি ফ’ৰ কৰ্পছৰ তেজপুৰ মুখ্যকাৰ্যালয়ত ইউনিফাইড কমাণ্ড অভিযান সন্দৰ্ভত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত সেনা বাহিনীৰ উচ্চ পদস্থ বিষয়াৰ লগতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান মুকেশ সহাই আৰু অতিৰিক্ত সঞ্চালক প্ৰধান কুল শইকীয়াই অংশ লয়। আজি গধূলি সংবাদমাধ্যমৰ সৈতে মত বিনিময়ৰ সময়ত তেওঁ কয় যে, ‘সমস্যাপূৰ্ণ উত্তৰ-পূৰ্বাঞ্চলত উগ্ৰপন্থী বিৰোধী অভিযানে নিষিদ্ধ ঘোষিত সংগঠন আলফাক তীব্ৰভাৱে আঘাত হানিছে।’ তেওঁ পৰেশ বৰুৱাকে ধৰি আলফা (স্বাঃ) সকলো সদস্যকে মূল সুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে, ‘আমাৰ হাতত থকা খবৰ অনুযায়ী বহু যুৱকে শেহতীয়াকৈ সংগঠনটোত যোগ দিছে আৰু তাৰে কিছু সংখ্যকক আমি আটক কৰিছো। কিন্তু আগৰ হাৰত সদস্য ভৰ্তি বৰ্তমান হোৱা নাই। তেওঁলোকে যদি হিংসাত্মক কাৰ্যকলাপ চলাই তেন্তে তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱা হ’ব। সংগঠনটো এতিয়াও কিছুমান অঞ্চলত সক্ৰিয় হৈ আছে। আমি তেওঁলোকক চিনাক্ত কৰাৰ বাবে ব্যৱস্থা হাতত লৈছো।’ ৩১ ডিচেম্বৰত এন আৰ চিৰ প্ৰথম খচৰা প্ৰকাশ পোৱা সন্দৰ্ভত মন্তব্য কৰি তেওঁ লগতে জনায় যে কোনো হিংসাত্মক ঘটনা যাতে সংঘটিত নহয় তাৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা হৈছে।