তেজপুৰৰ ৰঙাপাৰা অঞ্চলৰ চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষকৰ অনিয়মীয়া উপস্থিতি

অসমৰ চৰকাৰী প্ৰাথমিক বিদ্যালয়
তেজপুৰৰ ৰঙাপাৰা অঞ্চলৰ চাহ বাগিচাৰ বিদ্যালয়সমূহত শিক্ষকসকলৰ অনিয়মীয়া উপস্থিতিৰ কথা পোহৰলৈ আহিছে।
জানিব পৰা মতে ৰঙাপাৰা কছাৰীগাওঁ চাহ বাগিচাৰ ১২ নম্বৰ লাইনৰ প্ৰাথমিক বিদ্যালয়ত একাংশ শিক্ষক প্ৰায়ে বিদ্যালয়ত উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উঠিছে। সূত্ৰটোৱে জনোৱা মতে স্থানীয় লোক আৰু ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে এই সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অভিযোগ দিছে।
ৰঙাপাৰা অঞ্চলৰ সমাজকৰ্মী নিৰ্মল নায়কে কয় যে কেৱল নিজৰ স্বাৰ্থ পূৰণৰ বাবেই বহু শিক্ষকে এই বৃত্তিত যোগ দিছে কিন্তু নিয়াৰীকৈ কৰ্তব্য পালনৰ বাবে তেওঁলোকৰ সময় নাই। ফলত ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ ফল ভুগিবলগা হৈছে আৰু প্ৰাথমিক পৰ্য্যায়ত উচিত শিক্ষাৰ পৰা তেওঁলোক বঞ্চিত হ’ব লগা হৈছে। কিন্তু, তেওঁ অভিযোগ তোলে, এই বেমেজালিত চকু দিবলৈ আৰু ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে সংশ্লিষ্ঠ কৰ্তৃপক্ষৰ সময় নাই।
ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষাৰ মান উন্নীতকৰণৰ বাবে অহোপুৰুষাৰ্থ প্ৰচেষ্টা চলাইছে বুলি দাবী কৰি অহাৰ সময়তে লক্ষণীয়ভাৱে বিভাগটোৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।