ত্ৰিপুৰাত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে

cpi(m)

প্ৰতিনিধিত্বমূলক চিত্ৰ

ত্ৰিপুৰা বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বাওঁপন্থী দল পৰাজিত হোৱাৰ পাছতে ৰাজ্যখনত অভাৱনীয় হাৰত বৃদ্ধি পোৱা হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে দেশৰ ঠায়ে ঠায়ে প্ৰতিবাদৰ জোঁৱাৰ উঠা পৰিলক্ষিত হৈছে।

নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ ঠিক ২৪ ঘণ্টা পাছৰে পৰা ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে ত্ৰিপুৰাৰ বাওঁপন্থী নেতা কৰ্মীসকলৰ ওপৰত আক্ৰমণ চলোৱা দেখা যায়। ইয়াৰ উপৰি কমিউনিষ্ট আইকন লেনিনৰ প্ৰতিমূৰ্তিও ভাঙি পেলায় গেৰুৱাবাহিনীৰ উদণ্ড সমৰ্থকসকলে।

বিজেপিৰ এনেবোৰ হিংসাত্মক কাৰ্যকলাপৰ বিৰুদ্ধে আজি গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰিব ৰাজ্যৰ ১১ টা বাওঁপন্থী দলৰ ঐক্যমঞ্চ বাওঁ গণতান্ত্ৰিক মঞ্চ, অসমে। এক বিবৃতিযোগে এই কথা জানিবলৈ দিয়ে সংগঠনটোৰ আহ্বায়ক দেৱেন ভট্টাচাৰ্যই।

তেওঁ জনোৱা অনুসৰি আজি দিনৰ ১ বজাত গুৱাহাটী ক্লাবৰ ৰ’টাৰীৰ পৰা এটা প্ৰতিবাদী সমদল উলিয়াব। বিবৃতিটোৰ জৰিয়তে তেওঁ আৰু উল্লেখ কৰে যে মাত্ৰ দুই তিনিদিনৰ ভিতৰতে ৰাজ্যখনত বিজেপিৰ সমৰ্থকে এশৰো অধিক বাওঁপন্থী দলৰ কাৰ্যালয়ত আক্ৰমণ কৰে। ইয়াৰে প্ৰায় ৬৪টা কাৰ্যালয় সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।

ইয়াৰ উপৰি আৰএছএছৰ গুণ্ডা বাহিনীয়ে লেনিনৰ প্ৰতিমূৰ্তিও ভাঙি পেলায়। ইফালে ফলাফল ঘোষণা কৰাৰ পাছৰে পৰা বহুতো বাওঁপন্থীৰ ঘৰ-দুৱাৰ, যান-বাহন আৰু সম্পত্তিৰ যথেষ্ট ক্ষয়-ক্ষতি কৰে। আনহাতে কেন্দ্ৰীয় চৰকাৰে এই কাৰ্যকলাপ নিয়ন্ত্ৰণত অনাৰ বাবে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বাওঁ গণতান্ত্ৰিক মঞ্চই।