ত্ৰিপুৰাৰ আমবাসা ৰেইলৱে ষ্টেশ্যনত অস্ত্ৰসহ এছ পি অ’ জোৱান আটক

SPO jawan arrested at Ambassa

এক গোপন সূত্ৰৰ পম খেদি ত্ৰিপুৰাৰ আমবাসা ট্ৰেইন ষ্টেশ্যনত আজি আমবাসা আৰক্ষীয়ে অভিযান চলাই এগৰাকী এছ পি অ’ জোৱানক আটক কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। আটকাধীন জোৱানজনক নগেন্দ্ৰ দেববৰ্মা পুত্ৰ পৰিমল দেববৰ্মা (৩৬) বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে, এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত আজি আবেলি প্ৰায় ৪ বজাত শিলচৰ-আগৰতলা ট্ৰেইনখন আমবাসা ৰেইলৱে ষ্টেশ্যন  আহি পোৱাত আৰক্ষী বিষয়া প্ৰনব দেবনাথৰ নেতৃত্বত যোৱা আমবাসা মহকুমা আৰক্ষীয়ে লোকজনক আটক কৰি তেওঁৰ বেগত তালাচী চলায়।

উক্ত তালাচীত আৰক্ষীয়ে তেওঁৰ পৰা দুটা ৯ এম এম পিষ্টল, ২০ জাঁই সক্ৰিয় গুলী, নগদ ১৫০০ টকাৰ লগতে ভোটাৰ কাৰ্ড আৰু পেন কাৰ্ড জব্দ কৰে।

লোকজনৰ বিৰুদ্ধে আৰক্ষীয়ে আমবাসা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধীৰ ২৫১ (এ) ধাৰাৰ অধীনত ০২/১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰিছে। আৰক্ষী অধীক্ষক সুদিপ্ত দাসে সংবাদ মাধ্যমক জনোৱা মতে অভিযুক্ত পৰিমল দেববৰ্মা খুমলুঙৰ অন্তৰ্গত ৰাধাকিশোৰপুৰত এগৰাকী এছ পি অ’ জোৱান হিচাপে নিযুক্ত হৈ আছিল। অৱশ্যে যোৱা বহুদিন ধৰি তেওঁ কামলৈ অহা নাছিল।

অভিযুক্ত পৰিমল দেববৰ্মা উগ্ৰপন্থী কাৰ্যকলাপৰ লগতে বিভিন্ন ধৰণৰ অবৈধ কামৰ সৈতে জড়িত বুলি সন্দেহ কৰা হৈছে। অৱশ্যে, আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। জেৰাৰ পিছত আৰু অধিক তথ্য লাভ কৰিব পৰা যাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।