দহ হাজাৰ মেগাৱাটৰ বান্ধ নিৰ্মাণৰ নিটি আয়োগৰ প্ৰস্তাৱ অৰুণাচল চৰকাৰে মানি নলয় : পেমা খাণ্ডু

যোৱা ৩ ডিচেম্বৰৰ এখন সভাক সম্বোধন কৰি অৰুণাচল বিজেপি চৰকাৰক নেতৃত্ব দিয়া মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে স্পষ্ট ভাষাৰে কয় যে উজনি চিয়াং জিলাৰ চিয়াং নদীৰ ওপৰত দহ হাজাৰ মেগাৱাটৰ বৃহৎ বান্ধ নিৰ্মাণৰ বাবে নিটি আয়োগে দিয়া প্ৰস্তাৱ ৰাজ্য চৰকাৰে মানি নলয়। বৃহৎ সংখ্যক লোক উপস্থিত থকা সভাখনত মুখ্য মন্ত্ৰীজনে স্পষ্ট কৰি দিয়ে যে প্ৰস্তাৱিত বান্ধটো সম্পৰ্কত স্থানীয় লোকৰ অনুভূতিৰ বিষয়ে ইতিপূৰ্বে অক্টোবৰত নতুন দিল্লীত হোৱা নিটি আয়োগৰ সভাত জনাই দিয়া হৈছে। উল্লেখযোগ্য যে যোৱা অক্টোবৰ মাহত নতুন দিল্লীত হোৱা নিটি আয়োগৰ সভাখনলৈ মুখ্য মন্ত্ৰীজনকে ধৰি তেওঁৰ কেবিনেট সদস্যসকলক মতা হৈছিল প্ৰস্তাৱিত বান্ধটো সম্পৰ্কত তেওঁলোকৰ মত ল’বৰ বাবে। তাত সকলোৱে তেওঁলোকৰ আপত্তিও প্ৰকাশ কৰিছিল। কালিৰ সভাখনত মুখ্য মন্ত্ৰীজনে এইটোও দৃঢ়তাৰে কয় যে স্থানীয় লোকৰ আস্থা জয় নকৰালৈকে আন কোনো বান্ধ নদীখনৰ ওপৰত নিৰ্মাণ কৰা নহয়। তেওঁ লগতে কয়, তেওঁ মুখ্য মন্ত্ৰী হোৱাৰ পিছত কোনো শক্তি কোম্পানীৰ সৈতে এম অ’ য়ুত চহী কৰা নাই। আনহাতে চিয়াং নদীৰ পানীত অকস্মাৎ অহা পৰিৱৰ্তনক লৈও নিজৰ উদ্বেগ প্ৰকাশ কৰে যুৱ মুখ্য মন্ত্ৰীজনে। তেওঁ বিষয়টোক লৈ ভাৰত চৰকাৰৰ সৈতে অহৰহ যোগাযোগ কৰি থকা বুলি কয়। দৰকাৰ হ’লে তেওঁ বিষয়টো সন্দৰ্ভত আলোচনা কৰিবলৈ গৃহ মন্ত্ৰী ৰাজনাথ সিঙক লগ কৰিব বুলিও কয়।