দিল্লীত এবছুৰ উদ্যোগত বড়োলেণ্ডৰ দাবীত মহা ধৰ্ণা

আজি পৃথক বড়োৰাজ্যৰ দাৱীত নতুন দিল্লীত পুনৰ সৰৱ হৈ পৰিল বড়ো জাতীয় সংগঠন সমূহ। দিল্লীৰ ৰামলীলা মইদানত সুকীয়া বড়োৰাজ্য গঠনৰ দাবীত দুই সহস্ৰাধিক বড়ো লোকৰ লগতে আন কেইবাটাও সংগঠনৰ সমৰ্থকে বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । শীঘ্ৰে বড়ো ৰাজ্য গঠন কৰাৰ পক্ষত  ঝাৰখণ্ড,গোৰ্খালেণ্ডৰ লগতে বৰ্মন কছাৰী ছাত্ৰসন্থা , বুণ্ডেলখান্দ আৰু বিদৰ্ভৰ সমৰ্থকে ভাষণ আগবঢ়ায়  ৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৰ লগতে সকলো উপস্থিত নেতা কৰ্মীসকলে বড়ো সকলৰ দীৰ্ঘদিনীয়া সমস্যাটো সমাধানৰ দাৱী জনায় ৷ কাইলৈ পুনৰ একেখন ঠাইৰ পৰা জন্তৰ-মন্তৰলৈ এক শোভাযাত্ৰা উলিয়াই বড়োসংগঠনসমূহে শক্তি প্ৰদৰ্শন কৰাৰ কথা দোহাৰিছে সংগঠনটোৰ নেতৃত্বই।

উল্লেখ্য যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰনে শব্দ প্ৰদূষণ আৰু লেতেৰা পৰিবেশ সৃষ্টি কৰাৰ কাৰণে জন্তৰ মন্তৰত ৰাজহুৱা প্ৰতিবাদ নিষিদ্ধ কৰাৰ পিছতে ন্যায়াধীকৰণে ৰামলীলা মইদানকে এনে কামত ব্যৱহাৰ কৰাৰ অনুমতি দিছে যদিও সংগঠনসমূহৰ বাবে ই অতি ব্যয়বহুল হৈ পৰিছে। জন্তৰ মন্তৰ প্ৰতিবাদথলী হিচাপে মুকলি আছিল আৰু ইয়াৰ বাবে তাত কোনো ধন দিবলগীয়া হোৱা নাছিল। কিন্তু যোৱা ১৭ নৱেম্বৰত এবছুৱে প্ৰতিবাদৰ বাবে ৰামলীলা মইদান বুক কৰাৰ বাবদ দিল্লী পৌৰনিগমক দিবলগীয়া হ’ল ১,২১০৮০ টকা। ইয়াত জি এছ টিৰ বাবে ১০,০৮০ টকা অন্তৰ্ভুক্ত কৰা হৈছে। উত্তৰ পূবৰ ভিতৰত ইমান ধন ব্যয় কৰি ৰামলীলা মইদানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা এবছু হ’ল প্ৰথমটো সংগঠন।