• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

দীপৰ বিলৰ পৰিসৰ ৯০ দশকৰ তুলনাত ২০ শতাংশ কমি গৈছে : ড০ বিভৱ তালুকদাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 8, 2018 9:32 pm
দীপৰ বিল
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বিখ্যাত আৰ্দ্ৰভূমি দীপৰ বিল সন্দৰ্ভত অৰণ্যক নামৰ সংস্থাটোৰ মুখ্য সঞ্চালক তথা সংস্থাটোৰ প্ৰতিষ্ঠাপক ড০ বিভৱ তালুকদাৰৰ সৈতে আজি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁদীপৰ বিলৰ সন্দৰ্ভত বহু কথা সদৰী কৰে। তদুপৰি কাইলৈৰ পৰা দীপৰ বিলৰ পাৰত অনুষ্ঠিত হ’বলগীয়া দীপৰ বিল মহোৎসৱৰ সন্দৰ্ভ তেওঁৰ সৈতে বহুতো কথা আলোচনা কৰা হৈছিল।

১৯৮৯ চনৰ পৰাই অৰণ্যকৰ জৰিয়তে বন্যপ্ৰাণী তথা চৰাই-চিৰিকটিৰ সুৰক্ষাৰ বাবে কাম কৰি অহা বিভৱ তালুকদাৰে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা প্ৰাণী বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে হাঁহ জাতীয় চৰাই আৰু ৰাজ্যিক পক্ষী দেওহাঁহৰ গৱেষণা কৰি পি এইছ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।

উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচৰ অঞ্চল দীপৰ বিলৰ সংৰক্ষণ বিষয়ত অৰণ্যক নামৰ সংস্থাৰ মুখ্য সঞ্চালক ড০ বিভব তালুকদাৰৰ সৈতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সাক্ষাৎকাৰৰ কিয়দাংশ :

  • দীপৰ বিলৰ সৈতে আপুনি দীৰ্ঘদিন ধৰি জড়িত হৈ আহিছে। আপোনাৰ দীপৰ বিলৰ ওপৰত ধাৰণা কেনে ধৰণৰ?
  • দীপৰ বিল মহানগৰীৰ বাবে এটা যথেষ্ট দৰকাৰী আৰ্দ্ৰভূমি। কেবলচৰাই অথবা মাছ-কাছৰ বাবে এই আৰ্দ্ৰভূমিৰ প্ৰয়োজনীয় নহয়।জলাশয় সমূহৰ পানীধাৰণ ক্ষমতা আছে। এইজলাশয় নোহোৱাহৈ গ’লে মহানগৰীৰ জনসাধাৰণ বৰ্তমানৰ তুলনাত বেছিকৈ বানপানীৰ সমস্যাত ভূগিবলগীয়া হ’ব। তাৰোপৰি আমি জ্ঞাত অথবা অজ্ঞাতভাৱে এই জলাশয়সমূহৰ নতুন নতুন সমস্যাৰ সৃষ্টি কৰি আছো। আমি যথেষ্ট সৌভাগ্যবান যে মহানগৰীৰ সমীপতে দীপৰ বিলৰ দৰে এটা জলাশয় আছে। গতিকে দীপৰ বিলৰ সংৰক্ষণ কৰাটো যথেষ্ট প্ৰয়োজনীয়। লগতে সকলোৱে আগবাঢ়ি আহি দীপৰ বিলৰ সংৰক্ষণ কৰাৰ সময় আহি পৰিছে।
  • দীপৰ বিলৰ ঐতিহাসিক দিশটো কেনেধৰণৰ?
  • মই যিহেতু বন্য জীৱনৰ সৈতে জড়িত গতিকে সেই ফালৰ পৰা লক্ষ্য কৰিলে পূৰ্বৰে পৰা এই জলাশয় দেশী-বিদেশী চৰাইৰ ৰম্যভূমি। তদুপৰি পাহাৰৰ পৰা নামি অহা হাতী বিলাকে এই জলাশয়ৰ পানী পান কৰে আৰু এই জলাশয়টোৱেই তেওঁলোকৰ একমাত্ৰ উৎস। ইয়াৰ উপৰি জলাশয়ত থকা বিভিন্ন উদ্ভিদসমূহ বনৰীয়া হাতীৰ বাবে পুষ্টিকৰ খাদ্য। গতিকে পূৰ্বৰে পৰা চলি অহা প্ৰাকৃতিক তথা সাংস্কৃতিক দিশটো সংৰক্ষণ কৰি ৰখাৰ ক্ষেত্ৰত সকলোৰে দায়িত্ব আছে।
  • দীপৰ বিল মহোৎসৱ উদযাপন কৰি দীপৰ বিলখন সংৰক্ষণ কৰিব পৰা যাব বুলি আপুনি ভাবেনে?
  • এই কথাটো সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিব মহোৎসৱ উদযাপন কৰা উদ্যোক্তা সকলৰ ওপৰত। তাৰোপৰি এই মহোৎসৱৰ জৰিয়তে উদ্যোক্তাসকলে কেনেধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে সেই কথা লক্ষণীয় হ’ব। এই মহোৎসৱত হোৱা মানুহৰ ভিৰখিনিক যদি ধনাত্মক দিশত আগবঢ়াই নিব পাৰি লগতে মানুহক জলাশয়ৰ গুৰুত্বতা সম্পৰ্কে সজাগ কৰি তুলিব পাৰি তেন্তে নিশ্চয়কৈ এই উৎসৱ উদযাপন কৰাৰ প্ৰাসংগিকতা থাকিব। আনহাতে বনভোজ দল যদি আজি ১০০ টা গৈছে তাকে দেখি যদি কাইলৈ ১০,০০০ টা বনভোজ দল বনভোজ খাবৰ বাবে যায় তেন্তে নিশ্চয়কৈ দীপৰ বিলৰ বাবে বিপৰ্য্যয় নামি আহিব। আশা কৰো মহোৎসৱৰ উদ্যোক্তাসকলে বিভিন্ন কাৰ্য্যসূচীৰ জৰিয়তে জনসাধাৰণৰ মাজত সচেতনতা আনিব পাৰিলেহে মহোৎসৱ উদযাপনৰ ক্ষেত্ৰত ফলপ্ৰসু হ’ব। দীপৰ বিল কেৱল আনন্দ উৎসৱৰ স্থান নহয়, ই সমগ্ৰ মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত সহায় কৰি আহিছে।
  • কাইলৈৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনিত হয়তো মাইকত উচ্চ স্বৰত গীত বজোৱা হ’ব। এই ক্ষেত্ৰত তাত থকা চৰাই-চিৰিকটিৰ জীৱনলৈ বিপৰ্য্যয় নামি আহিব পাৰে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব?

=>এই মহোৎসৱত উচ্চ স্বৰত গান বজাই থকাতকৈ যিটো শব্দই শব্দ প্ৰদূষণৰ সৃষ্টি নকৰে তথা চৰাই-চিৰিকটিৰ মাজত অশান্তিৰ সৃষ্টি নহয়, তেনেকুৱা শব্দত গীতসমূহ বজাব লাগে। মুঠৰ ওপৰত প্ৰকৃতিৰ চৰাই-চিৰিকটিৰ সৈতে জড়িত থকা গীতসমূহ বজালে ভাল হয়। তেতিয়াহে আয়োজক কমিটিৰ লোকসকল যে প্ৰকৃততে দীপৰ বিলৰ প্ৰতি চিন্তনীয়, সেই কথা প্ৰতিফলিত হ’ব।

  • সৌ সিদিনা ঐক্য সেনা অসমে সংবাদ মেলৰ জৰিয়তে উদ্যোক্তা কমিটিয়ে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়াৰ বিপৰীতে দীপৰ বিলৰ একেবাৰে কাষতে মহোৎসৱটো উদযাপন কৰিব বিচৰা বুলি অভিযোগ তোলে। এই সন্দৰ্ভত আপুনি এজন প্ৰকৃতিৰ প্ৰতি সদা-সজাগ ব্যক্তি হিচাপে কি ক’ব?
  • আইনৰ আধাৰত জিলা প্ৰশাসনক কিছু দ্বায়িত্ব দিয়া হৈছে। তদুপৰি দীপৰ বিলটো বনাঞ্চলৰ এটা অংশ। এই দীপৰ বিল ৰামচাৰ এলেকা বুলি সমগ্ৰ বিশ্বত জনাজাত। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে যাৱতীয় দিশসমূহ পৰ্য্যালোচনা কৰিব লাগিব লগতে প্ৰাকৃতিক গুণাগুণ যাতে বিনষ্ট নহয় সেই বিষয়ে সংশ্লিষ্ট কৰ্তৃপক্ষই দৃষ্টি ৰখাটো উচিত। লগতে এই মহা আয়োজনৰ ফলত যাতে দীপৰ বিলত বিয়োগাত্মক প্ৰভাৱ নপৰে, তাৰ প্ৰতি সকলোৱে চকু ৰখা উচিত।
  • মহোৎসৱ বুলি ক’লে বৰ্তমান সময়ত বিশেষকৈ পৰম্পৰাগত খাদ্য সম্ভাৰৰ দিশটো আহি পৰে। এই খাদ্যৰ লগতে বিশেষকৈ যুৱপ্ৰজন্মই পৰম্পৰাগত সাজপানীৰ সোৱাদ লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। আপুনি সেইসকল যুৱপ্ৰজন্মক কি আহ্বান জনাব?
  • আনন্দ-স্ফুৰ্তি সকলোৱে কৰে, আমিও কৰো। কিন্তু আনন্দ-উল্লাসৰ মাধ্যমটো এনেকুৱা হ’ব লাগে যাতে সমাজত এজন ভদ্ৰ নাগৰিক হিচাপে পৰিচয় দিব পাৰে। মহোৎসৱটো সুৰাপানৰ কাৰণে পতা হৈছে নে কিবা এটা বৃহৎ উদ্দেশ্য লৈ অনুষ্ঠিত কৰিছে সেইটো যুৱ-প্ৰজন্মৰ দৃষ্টিগোচৰ হোৱাটো দ্বায়িত্ব আৰু কৰ্তব্য। অসমৰ নামটো উজলাই তোলাৰ ক্ষেত্ৰত যুৱ-প্ৰজন্মৰ অৰিহনা অতুলনীয় হোৱাটো বিচাৰো।
  • আপুনি যিহেতু অৰণ্যকৰ সৈতে অতি ওতঃপ্ৰোতভাৱে জড়িত গতিকে দীপৰ বিলকে ধৰি অসমৰ অন্যান্য জলাশয় সমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত চৰকাৰ-প্ৰশাসন তথা জনসাধাৰণক কি আহ্বান জনাব?
  • অসমৰ বিভিন্ন ঠাইত থকা আৰ্দ্ৰভূমিসমূহ সংৰক্ষণ কৰাৰ দৰকাৰ হৈ পৰিছে। কাৰণ এইসমূহ সংৰক্ষণ নকৰিলে অহা ১০ বছৰৰ ভিতৰত আমি সকলোবোৰ সংকটত ভুগিম। পানী আৰু বায়ু অবিহনে কোনো ব্যক্তি অথবা প্ৰাণী জীয়াই থাকিব নোৱাৰে। এই সমূহ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে জনসাধাৰণেও সমানে হাত আগবঢ়াব লাগিব। তদুপৰি এই আৰ্দ্ৰভূমিসমূহ আমি জীয়াই থাকিব পৰা এটা পৰিস্থিতিতন্ত্ৰ।

 

  • দীপৰ বিলৰ পাৰত বৰ্তমান সময়ত ওখ-ওখ অট্টালিকা গঢ়ি উঠাটো দেখিবলৈ পোৱা গৈছে। ইয়াৰ সমান্তৰালকৈ বেদখলকাৰীয়ে অবাধে গৃহসমূহ নিৰ্মাণ কৰি ইয়াৰ প্ৰাকৃতিক ভাৰসাম্যত ব্যাঘাত জন্মাইছে। এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ’ব?
  • দীপৰ বিলৰ পৰিসৰ ১৯৯০ চনৰ তুলনাত প্ৰায় ২০ শতাংশ কমি গৈছে। তদুপৰি দীপৰ বিলৰ সৈতে ব্ৰহ্মপুত্ৰৰ যি সংযোগ সেয়া দুটা ঠাইত বিচ্ছিন্ন হৈ গৈছে, যাৰ ফলস্বৰূপে জলাশয়সমূহৰ পৰা পানী ওলাই যাব পৰা নাই। সেয়েহে মহানগৰীত কৃত্ৰিম বানপানীৰ দৰে সমস্যা সমূহে দেখা দিছে। এইটো মানুহে সৃষ্টি কৰা এটা সমস্যা। যদি বেদখল হৈছে তেন্তে তাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ লগতে উচ্ছেদ কৰাটো চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য।
  • দীপৰ বিলত কি কি প্ৰজাতিৰ চৰাই-চিৰিকটি আছে?
  • মই যিহেতু ১৯৯০ চনৰ পৰা চৰাই-চিৰিকটি আৰু বন্যপ্ৰাণীৰ জীৱনৰ ওপৰত কাম কৰি আহিছো গতিকে ক’ব খোজো যে দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী চৰাই আছে। শীত প্ৰধান অঞ্চলৰ পৰা খাদ্যৰ সন্ধানত চৰাইবোৰ এই দীপৰ বিললৈ আহে। বিদেশৰ পৰা অহা আলহী চৰাইৰ ভিতৰত হাঁহজাতীয় চৰাইসমূহ এই বিলত দেখা পোৱা যায়। তাৰোপৰি ৫ টা মান প্ৰজাতিৰ স্থানীয় চৰাই এই দীপৰ বিলত আছে। চাইবেৰিয়াৰ পৰাও চৰাই-চিৰিকটি এই বিললৈ আহে, বিশেষকৈ বতৰকেন্দ্ৰিক চৰাইসমূহ এই দীপৰ বিলত পোৱা যায়। এই বিদেশী চৰাইসমূহ য’ত-ত’ত নাযায় কেৱল গুৱাহাটীতে আহে, গতিকে আমি মহানগৰবাসী সৌভাগ্যৱান, গতিকে ভাৰতীয় নাগৰিক হিচাপে এই চৰাই-চিৰিকটিক সুৰক্ষা দিয়াটো আমাৰ নৈতিক দায়িত্ব। তাৰোপৰি চ’বেলা, আইবিছ বিল, এব’চেড, গ্ৰেলেগ গুজ, প্ল’ভাৰকে ধৰি অন্য বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাই আহে।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

জলপ্ৰপাতত ৰিল বনাবলৈ গৈ ইউটিউবাৰৰ কৰুণ মৃত্যু!

August 25, 2025 8:17 pm
বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

বিষাক্ত ঔষধৰ ফলত সংকটত শগুন! গভীৰ উদ্বেগ সংৰক্ষণবিদসকলৰ

August 25, 2025 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

ছায়েদা হামিদৰ বক্তব্য অসমৰ জাতীয় স্বার্থ বিৰোধী! অখিল গগৈৰ তীব্ৰ প্ৰতিক্ৰিয়া

August 25, 2025 9:30 pm
অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

অৱশেষত মুখ খুলিলে চৰকাৰে! জগদীপ ধনখড়ৰ পদত্যাগৰ কাৰণ সন্দৰ্ভত অমিত শ্বাহৰ স্পষ্টীকৰণ

August 25, 2025 8:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd