দীপৰ বিলৰ ৰে’ল লাইন থকা হাতী অহা-যোৱা কৰা পথটো মুক্ত কৰিবলৈ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ নিৰ্দেশ

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণৰ কলকাতাস্থিত পূব মণ্ডল বিচাৰপীঠে স্পষ্ট কৰি দিছে যে দীপৰ বিলৰ মাজেৰে যোৱা ৰে’ল লাইনৰ হাতী অহা-যোৱা কৰা পথটোৰ ওপৰেৰে এখন উৰণীয়া সেতু নিৰ্মাণ কৰাটো অসম্ভৱ বুলি কৰা আৱেদন কোনোপধ্যে মানি ল’ব নোৱাৰি আৰু আৱেদনকাৰী উত্তৰ-পূব ৰে’লৱে’ তথা ৰে’লৱে’ মন্ত্ৰ্যালয়ৰ সচিবে ইয়াৰ মাজেৰে যোৱা ৰে’লপথটো হাতী অহা-যোৱাৰ বাবে মুক্ত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোৱা ২৩ নৱেম্বৰত গুৱাহাটীৰ দীপৰ বিলত হোৱা বেদখল সংক্ৰান্তীয় ৰোহিত চৌধুৰী বনাম কেন্দ্ৰ চৰকাৰৰ মাজৰ গোচৰটোৰ শুনানি গ্ৰহণ কৰি বিচাৰপীঠখনে এই মন্তব্য কৰে।

উল্লেখযোগ্য যে হাতী অহা-যোৱা কৰা পথটোৰে পাৰ হৈ যোৱা ৰে’ল লাইনটোৱে দীৰ্ঘদিন ধৰি সমস্যাৰ সৃষ্টি কৰি আহিছে আৰু ইতিপূৰ্বে বহু কেইটা হাতীৰ মৃত্যুৰ কাৰণস্বৰূপ হৈছে। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে হাতীৰ সুৰক্ষা ব্যৱস্থা কৰিবলৈও নিৰ্দেশ দিয়ে।

বিলখনত হোৱা বেদখল সম্পৰ্কত ন্যায়াধীকৰণে লগতে কয় যে যদিও ৰাজহ মানচিত্ৰই প্ৰকাশ কৰা মতে তাত কোনো বেদখল হোৱা নাই, বাস্তৱ পৰ্যবেক্ষণত স্পষ্ট দেখা যায় যে তাত বেদখল হৈছে। গুৱাহাটীৰ জলাশয়সমূহ সুৰক্ষা আৰু সংৰক্ষণ আইন ২০০৮ ৰ ৪নং সূচীৰ শাখা ৪,৬, আৰু ৭ অনুসৰি দীপৰ বিলৰ ওচৰৰ জলাশয়সমূহ সুৰক্ষাৰ কথা কোৱা হৈছে। সেয়েহে দীপৰ বিলৰ চাৰিওকাষৰ ঠাইসমূহ সুৰক্ষিত কৰিব লাগে। এইক্ষেত্ৰত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে ৰাজ্য চৰকাৰ আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষক পৰিদৰ্শন তথা জৰীপ কৰিবলৈ নিৰ্দেশ দিছে।