দুখীয়া ছাত্ৰীৰ মাজত চাইকেল বিতৰণ ভাৰতীয় ষ্টেট বেংকৰ

ওদালগুৰি জিলাৰ ৰৌতা অঞ্চলৰ দুখীয়া ছাত্ৰীসকলক উৎসাহিত কৰাৰ মানসেৰে ৰৌতা চাৰিআলি স্থায়ী মঞ্চ প্ৰেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ষ্টেট বেংকে বুধবাৰে ৪০ গৰাকী ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে। ট্ৰেইনিং বিষয়া অনিন্দিত বৰাই আঁত ধৰা চাইকেল বিতৰণী অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল উত্তৰ-পূৰ্বাঞ্চলৰ ৰিজনেল মেনেজাৰ প্ৰকাশ মিশ্ৰা। এই অনুষ্ঠানতে তেজপুৰ শাখাৰ সহকাৰী ৰিজনেল মেনেজাৰ আলোক দাসে স্বামী বিবেকানন্দই মহিলাৰ উন্নতি সাধনৰ বাবে লোৱা ব্যবস্থাৰ কথা কয়। লগতে কিছু বছৰৰ পৰা শিক্ষাৰ লগতে অন্যান্য দিশত ছোৱালীবোৰ ল’ৰাবিলাকৰ তুলনাত অধিক আগুৱাই যাবলৈ সক্ষম হৈছে আৰু ভাৰতবৰ্ষৰ নিকটৱৰ্তী ৰাষ্ট্ৰ কেইখনৰ তুলনাত ভাৰতৰ নাৰী যথেষ্ট আগবাঢ়ি গৈছে।

আনহাতে অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থকা উত্তৰ-পূৰ্বাঞ্চলৰ এছ বি আইৰ মহা প্ৰৱন্ধক ওম প্ৰকাশে নিজৰ ভাষণ প্ৰসংগৰ মাজেৰে সেই অঞ্চলৰ ছাত্ৰীসকলে নিজৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বান সহজে উপশম ঘটায় আগুৱাই যাব বুলি আশা প্ৰকাশ কৰে।

এই ব্যক্তিসকলৰ উপৰি দেৱেন চন্দ্ৰ শৰ্মা, ভবেন চন্দ্ৰ বড়ো আৰু জ্যোতিস্মিতা বৰ্মনেও এই অনুষ্ঠানত উপস্থিত থাকে। চাইকেল প্ৰদান কৰা কাৰ্যৰ বাবে ছাত্ৰীসকল আৰু অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়ত্ৰীসকলে ভাৰতীয় ষ্টেট বেংকক ধন্যবাদ প্ৰদান কৰে।

লক্ষ্যণীয় যে ৰৌতা ষ্টেচন উচ্চ মাধ্যমিক বিদ্যালয়, গেৰুৱা মধ্য ইংৰাজী বিদ্যালয়, বড়োবজাৰ মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়, দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইউ এন ব্ৰহ্ম মধ্য ইংৰাজী বিদ্যালয়ৰ মুঠ ৪০ গৰাকী দুখীয়া ছাত্ৰীয়ে বিনামূলীয়া চাইকেল লাভ কৰিছে।