দুটা পৃথক দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

Road-Accident

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰঙিয়া: ৰঙিয়া থানাৰ অন্তৰ্গত মৰাণজানাৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা সংঘটিত এক শোকাবহ পথ দূৰ্ঘটনাত এজন চাইকেল আৰোহী নিহত হয়। নিহত লোক জন কেন্দুকোনাৰ বামুণগাওঁৰ নিবাসী খগেন শালৈ (৫২) বুলি চিনাক্ত কৰা হৈছে। পেছাত কাঠ মিস্ত্ৰি শালৈয়ে আনদিনাৰ দৰে আজিও ৰঙিয়াৰ পৰা কাম কৰি নিজ ঘৰলৈ চাইকেলেৰে আহি থাকোতে এখন তীব্ৰ বেগী বাহনে পিছ ফালৰ পৰা খুন্দিয়াই মহতিয়াই নিয়ে।ফলত থিতাতে নিহত হয় লোকজন। এই দূৰ্ঘটনাটো সংঘটিত কৰিয়েই বাহনসহ চালক ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দূর্ঘটনা সংঘটিত হোৱাৰ পিছতেই ঘটনাস্থলীত ৰাইজে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে যদিও আৰক্ষীয়ে ততালিকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ পোৱা খবৰ অনুসৰি বৰ্তমানলৈকে আৰক্ষীয়ে বাহন আৰু চালকৰ কোনো সন্ধান উলিয়াব পৰা নাই৷

দৰং: আনহাতে দৰং জিলাৰ মঙলদৈ নগৰবাহীতো শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যুক আকোৱালি ল’লে এজন যুৱকে। বাইকেৰে তীব্র বেগত আহি বিদুৎৰ খুটাত খুন্দিওৱাৰ ফলতেই এজন থিতাতে নিহত হয় আৰু এজন আহত হয়। নিহত যুৱকজন ছিপাঝাৰৰ আদিত্য ভৰদ্বাজ আৰু গুৰুতৰভাৱে আহতজন হৃদয় ৰঞ্জন শৰ্মা বুলি চিনাক্ত কৰা হৈছে। লগে লগে হৃদয় ৰঞ্জন শৰ্মাক মঙ্গলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয় যদিও অৱস্থা অতি সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিছে।