দুটা পৃথক স্থানৰ পৰা গাঞ্জা আৰু নিচাযুক্ত টেবলেট উদ্ধাৰ ত্ৰিপুৰাত

ganja

ত্ৰিপুৰাৰ ধৰ্মনগৰৰ আইএছবিটিৰ গাড়ী চালকৰ হাতত গাঞ্জা কঢ়িয়াই অনা ৩গৰাকী মহিলাকে ধৰি এজন শিশুৰ আটক কৰে। মহিলা কেইগৰাকীৰ সৈতে নিষিদ্ধ গাঞ্জা জব্দ হোৱাৰ পাছত ধৰ্মনগৰ আইএছবিটি এলেকাত এটা তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।

উল্লেখ্য যে গাঞ্জাৰে সৈতে ধৰা পৰা নাবালকসহ মহিলা তিনিগৰাকীয়ে কৰিমগঞ্জলৈ যাবলৈ বুলি এখন কেব ভাড়ালৈ লৈছিল। কিন্তু মহিলা কেইগৰাকীৰ সৈতে ১৩ গধুৰ মোনা প্ৰত্যক্ষ কৰি চালক কেইগৰাকীৰ সন্দেহ হয় আৰু তেওঁলোকে জোৰ-পূৰ্বত মহিলাগৰাকীৰ বোগত তালাচী লয়। তালাচীত ওলাই পৰে যে মহিলা কেইগৰাকীয়ে লগত ৩৩টা গাঞ্জাৰ পেকেট  কঢ়িয়াই আনিছে আৰু সেইসমূহৰ মুঠ ওজন ১০৭.৫ কেজি পৰ্যন্ত। চালকসকলে ঘটনাটো সন্দৰ্ভত লগে লগে ভাৰতীয় মজদুৰ সন্থাৰ (BMS) নেতাগৰাকীক অৱগত কৰে আৰু তেওঁ লগে লগে ঘটনাটো সন্দৰ্ভত ধৰ্মনগৰ আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰে।

চোৰাংচোৱা বিভাগৰ সঞ্চালক (DIB) বিশ্বজিত শুক্লা দাসসহ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত আহি উপস্থিত হয় আৰু গাঞ্জাভৰ্তি মোনাকেইখন জব্দ কৰে। আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকী আৰু নাবালকজনকো গ্ৰেপ্তাৰ কৰে। জেৰাত ওলাই পৰে যে মহিলা কেইগৰাকী বিহাৰৰ বাসিন্দা আৰু তেওঁলোকৰ নাম আমনা খাতুন, ৰছিদা বিবি, য়াছমিন।

আৰক্ষীয়ে ইতিমধ্যে নিচাযুক্ত দ্ৰব্য (NDPS) আইনৰ ৯৭/২০১৮ৰ অধীনত অভিযুক্তসকলৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

আন এটা পৃথক ঘটনাত আজি বেআইনীভাৱে সৰবৰাহ কৰা বহু পৰিমাণৰ য়াবা টেবলেট জব্দ কৰাৰ বাতৰি পোৱা গৈছে। এই বেইআইনীভাৱে সৰবৰাহ কৰা নিষিদ্ধ ঔষধখিনি সীমা সুৰক্ষা বাহিনীৰ ১৬৬ বেটেলিয়নৰ এগৰাকী জোৱানে জব্দ কৰে।

ঘটনাৰ বিৱৰণী অনুসৰি, সীমা সুৰক্ষা বাহিনীৰ ১৬৬ বেটেলিয়নৰ জোৱান এছ কে সিঙে তেওঁৰ নিয়মীয়া কৰ্তব্যৰত অৱস্থাত সীমান্তত এগৰাকী প্ৰৌঢ়া মহিলাক কোলাত এটা শিশুসহ এটা মোনাৰে সৈতে ন’ মেনছ লেণ্ডেৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

সীমা সুৰক্ষা বাহিনীৰ ১৬৬ বেটেলিয়নৰ জোৱানগৰাকীৰ মহিলাগৰাকীৰ চাল-চলনত সন্দেহ ওপজে আৰু নিলগৰ পৰা তেওঁক নিৰীক্ষণ কৰিবলৈ ধৰে। মহিলাগৰাকীয়ে জোৱানগৰাকীৰ অৱস্থিতিৰ বিষয়ে অৱগত হোৱাৰ পাছত হাতৰ মোনাখন ওচৰৰে হাবিলৈ দলিয়াই দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পিছত অৱশ্যে জোৱানগৰাকীয়ে মহিলাগৰাকীয়ে হাবিলৈ দলিয়াই দিয়া মোনাখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উক্ত মোনাখনত ২০ পেকেট য়াবা টেবলেট আছিল আৰু প্ৰতিটো পেকেটতেই ১৯০ টাকৈ টেবলেট আছিল। প্ৰতিটো টেবলেটৰ মূল্য ৫০০টকা হিচাপে এই নিষিদ্ধ ঔষধখিনিৰ মূল্য প্ৰায় ১৯ লাখ টকা।

জোৱানগৰাকীয়ে এই নিচাযুক্ত ঔষধখিনি য়াকুবনগৰ সীমান্ত তালাচী চকীলৈ (BOP )  লৈ আহে। অৱশ্যে মহিলা আৰক্ষী বিষয়া নথকা কাৰণে মহিলাগৰাকীক আটক কৰিব পৰা নগ’ল। জোৱানগৰাকীয়ে মহিলাগৰাকীক চিনাক্ত কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

সদ্যহতে এই সন্দৰ্ভত এটা বিভাগীয় অনুসন্ধান চলি আছে বুলি জানিব পৰা গৈছে।