দুদিনীয়া কাৰ্য্যসূচীৰে শিল্পগ্ৰামত চুটি ছবি মহোৎসৱ

আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে  শিল্পগ্ৰামত আয়োজন কৰা হৈছে চুটি ছবি মহোৎসৱ। উক্ত ছবি মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুঠ ৫০ খন    চুটি চলচ্চিত্ৰই অংশগ্ৰহণ কৰিব। অংশগ্ৰহণ কৰা ছবিসমূহৰ মাজৰপৰা ৩ ডিচেম্বৰত বিভিন্ন শিতানত মুঠ ৭টাকৈ বঁটা প্ৰদান কৰা হ’ব। বঁটা প্ৰদানৰ শিতানসমূহ হ’ল সত্য ঘটনাৰ ওপৰত আধাৰিত শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ তথ্যচিত্ৰ, শ্ৰেষ্ঠ এনিমেচন চিনেমা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্যকাৰ, শ্ৰেষ্ঠ সম্পাদনা আৰু শ্ৰেষ্ঠ আবহ সংগীত। উক্ত বঁটাত থাকিব স্মাৰক, এখন প্ৰমাণপত্ৰ আৰু নগদ ধন। অনুষ্ঠানৰ লগত সংগতি ৰাখি চিনেমা প্ৰতিযোগিতাৰ উপৰিও ফটোগ্ৰাফী প্ৰতিযোগিতা, চিত্ৰ প্ৰদৰ্শনী, কৰ্মশালা আৰু কুইজ প্ৰতিযোগিতা আদিও আয়োজন কৰা হ’ব। পৰিচালক সঞ্জীৱ হাজৰিকা, জ্যেষ্ঠ সাংবাদিক তথা চিনেমা সমালোচক মনোজ বৰপূজাৰী আৰু ভাস্কৰ দাস প্ৰতিযোগিতাৰ জুৰি সদস্য হিচাপে উপস্থিত থাকিব। বাৰ্লিন চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি ছবিৰ সন্মান লাভ কৰা অমৰ কৌশিকৰ’ ‘আবা’প্ৰদৰ্শনেৰে চিনেমাৰ প্ৰদৰ্শন আৰম্ভ হ’ব। উল্লেখ্য যে, এই চুটি ছবি মহোৎসৱত বাংলাদেশ, ইৰানৰ লগতে তামিলনাডু, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ড, অসম, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰকে ধৰি বিভিন্ন ঠাইৰ চিনেমাই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।