দুদিনৰ বাবে বন্ধ থাকিব ঢলা-শদিয়া সেঁতু

ঢলা-শদিয়াৰ ডভূপেন হাজৰিকা সেঁতুৰ সুৰক্ষা, গুণগত দিশ আৰু বহন ক্ষমতা আদি দিশ পৰীক্ষা কৰাৰ উদ্দেশ্যে অহা ১৩-১৪ ডিচেম্বৰত বন্ধ থাকিব। পথপৰিবহণ আৰু ঘাইপথ মন্ত্ৰ্যালয়ৰ  অধীনত থকা টি আৰ এফ ইঞ্জিনিয়াৰছ প্ৰাইভেট লিমিটেডে  এই পৰীক্ষা কাৰ্য চলাব। তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ত শুক্ৰবাৰে অনুষ্ঠিত এক সংবাদমেলত জিলাখনৰ অতিৰিক্ত উপায়ুক্ত গুৰ্ণেল সিঙে এই কথা জানিবলৈ দি কয় যে উক্ত  দুদিনৰ বাবে অৰুণাচলৰ দিৰাক আন্তৰাজ্যিক চেকগেটৰ মাজেৰে যাতায়াত ব্যৱস্থা অব্যাহত থাকিব। প্ৰত্যেক ৬ মাহৰ মূৰে মূৰে দলংখনক আংশিকভাৱে বন্ধ ৰাখি পৰীক্ষা কৰা হ’ব বুলি টি আৰ এফ প্ৰাইভেট লিমিটেডৰ পংকজ ভট্টাচাৰ্যই জানিবলৈ দিয়ে। সংবাদমেলখনত জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদ, দলং নিৰ্মাণৰ দায়িত্বত থকা টি পি এফ ইঞ্জিনীয়াৰিং প্ৰাইভেট কোম্পানী লিমিটেডৰ বিষয়া প্ৰশান্ত ভট্টাচাৰ্যও উপস্থিত থাকে।