দেৱীচৰণ বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উদযাপন

শক্তি মন্ত্ৰী পল্লৱ লোচন দাস

যোৰহাটৰ দেৱীচৰণ বৰুৱা (ডিচিবি) ছোৱালী মহাবিদ্যালয়ে বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে হীৰক জয়ন্তী উদযাপন কৰিছে। মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এটি সাংস্কৃতিক ৰেলীৰে হীৰক জয়ন্তি অনুষ্ঠানৰ আৰম্ভ কৰা হয়।

১৯৫৫ চনত প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খন উজনি অসমৰ এখন পুৰনি মহিলা শিক্ষানুষ্ঠান।

বুধবাৰে মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হীৰক জয়ন্তী উদযাপনৰ মুকলি অনুষ্ঠানত উদ্যোক্তা সমিতিৰ সভাপতি দীন নাথ বৰদলৈয়ে সভাপতিত্ব কৰে।

ৰাজ্যখনৰ শক্তি, ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা, শ্ৰম আৰু নিয়োগ তথা চাহ জনগোষ্ঠীৰ উন্নয়ন মন্ত্ৰী পল্লৱ লোচন দাসে মুকলি অনুষ্ঠানটো  সম্বোধন কৰি ভাষণ প্ৰদান কৰে।

তেওঁ ছাত্ৰীসকলক সমাজৰ উন্নয়নৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। চৰকাৰে মহিলা শিক্ষাৰ বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলিও তেওঁ নিশ্চয়তা প্ৰদান কৰে।

অনুষ্ঠানটোত উপস্থিত থাকি বিশিষ্ট সাংবাদিক পেট্ৰিচিয়া মুখিমে কয়,’মহিলাসকল সমাজৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ, ডিচিবি ছোৱালি মহাবিদ্যালয় আমাৰ গৌৰৱ আৰু মৰ্যাদা’।

বিশিষ্ট শিক্ষাবিদ তথা নেহুৰ প্ৰাক্তন উপাধক্ষ মৃণাল মিৰিও হীৰক জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকি ছোৱালীৰ শিক্ষা উপৰত বক্তৃতা প্ৰদান কৰে।