ধর্মঘটৰ বাবে দ্বিতীয় দিনাও উত্তৰ-পূর্বাঞ্চলত বাধাগ্রস্ত বি এছ এন এল সেৱা

মঙলবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বিএছ এন এল কৰ্মচাৰী সন্থাৰ দেশজোৰা ধৰ্মঘটৰ দ্বিতীয় দিনাও অসম, অৰুণাচল প্ৰদেশ, মিজোৰাম, মেঘালয়, মণিপুৰ, নাগালেণ্ড. ছিকিম আৰু ত্ৰিপুৰাত এই নেটৱৰ্কৰ সেৱা বাধাগ্ৰস্ত হৈছে।

গোটেই উত্তৰ পূৰ্বাঞ্চলৰে বিএছ এন এল কাৰ্যালয়সমূহৰ বিষয়া আৰু কৰ্মচাৰীসকলে ধৰ্মঘটত সহযোগ কৰাৰ বাবে কাৰ্যালয়সমূহৰ দৈনন্দিন কাম কাজসমূহ ক্ষতিগ্ৰস্ত হৈছে। বিএছএনএলৰ কেইবাটাও ৰাজ্যিক সংগঠনে মঙলবাৰৰ পৰা দুদিনীয়া ধৰ্মঘটৰ আহ্বান দিছিল। ইয়াৰ ম’বাইল টাৱাৰসমূহ অইন এটা সুকীয়া কোম্পানীক ভাড়ালৈ দিয়াৰ বিৰুদ্ধে আৰু কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ দাবীত এই ধৰ্মঘটৰ আহ্বান দিছিল।

বিএছএনএলৰ কৰ্মচাৰীসকলে ব্যক্তিগত টেলিকম কোম্পানীসমূহৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰা বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ বিৰুদ্ধে অভিযোগ আনে। আন্দোলনকাৰী পক্ষই অভিযোগ কৰে যে কেন্দ্ৰত থকা চৰকাৰখনে দেশৰ ৭০,০০০ পুৰণি ম’বাইল টাৱাৰ হস্তান্তৰ কৰি এটা সুকীয়া কোম্পানী আৰম্ভ কৰিব বিচাৰিছে। এয়া টেলিকম কোম্পানীটোক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ এটা ষড়যন্ত্ৰ।

আগৰতলাত বিএছএনএলৰ কৰ্মচাৰীসকলৰ সকলো সংস্থা, সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ বিএছএনএল বিৰোধী পদক্ষেপ আৰু চৰকাৰী ৰাজহুৱা খণ্ডৰ প্ৰধান টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীটোক ব্যক্তিগত খণ্ডৰ হাতত গটাই দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰে।

ত্ৰিপুৰাৰ বিএছএনএল কৰ্মচাৰী সংস্থাৰ আহ্বায়ক তীৰ্থঙ্কৰ চৌধুৰীয়ে কয় যে বিএছএনএলৰ কৰ্মচাৰীসকলৰ বাবে ২০১৭ ত কোনো ধৰণৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ নাই। চৰকাৰে বিএছএনএলৰ বৰ্তমানৰ ৭০,০০০ টাৱাৰসমূহেৰে এটা কোম্পানী গঠন কৰিব বিচাৰিছে। ইয়াৰ ফলত ৰাজ্যিক পৰ্যায়ৰ টেলিকম সেৱা যোগানকাৰীসকলৰ বাবে অধিক উদ্বেগজনক হৈ পৰিছে কিয়নো এইবোৰে ইতিমধ্যে প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে। এতিয়া তেওঁলোকে ধনৰ অভাৱত নিয়মিত মেৰামতিৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰী ক্ৰয় কৰিবলৈকে সক্ষম নহ’ব।

তাৰ মাজতে কৰ্মচাৰী সংস্থাই ইয়াৰ সদস্যসকলক ধৰ্মঘট সম্পূৰ্ণ সফল কৰি তোলাৰ বাবে অভিনন্দন জনাইছে।