ধুবুৰীত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

শনিবাৰে ধুবুৰী জিলাৰ নিউপানবাৰীৰ ৰাজপথত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা দুৰ্ঘটনাটোত ২জন লোক নিহত হোৱাৰ লগতে কেইবাগৰাকী লোক আহত হয়। হয়৷ লগে লগে স্থানীয় ৰাইজে আহত কেইজনকক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে। সূত্ৰমতে, গোৱালপাৰা অভিমুখে আহি থকা তীব্ৰবেগী এছ-১৩চি-৩৫৩৩ নম্বৰৰ যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰকাণ্ড খাৱৈত বাগৰি পৰে। ফলত গাড়ীখনৰ হেণ্ডিমেন আৰু এজন যাত্ৰী থিতাতে নিহত হোৱাৰ লগতে কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ উল্লেখনীয় যে দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় ডেৰ ঘণ্টা পিছতো ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱাত স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে। স্থানীয় ৰাইজে পথ অৱৰোধ কৰি আৰক্ষী তথা চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।  দীৰ্ঘদিন ধৰি পথটো মেৰামতি কৰাৰ দাবীত বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰো অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ৷ যাৰ ফলত শোকাৱহ পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰে।

এই দুৰ্ঘটনাৰ পিছত উত্তেজিত ৰাইজে পথ অৱৰোধ কৰি শীঘ্ৰে পথ মেৰামতি কৰাৰ দাবী উথ্থাপন কৰে। আনহাতে গড়কাপ্তানী বিভাগে পথ মেৰামতি কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ নকৰে বুলিও স্থানীয় ৰাইজে ক্ষোভ উজাৰে৷ ৰাইজে দুৰ্ঘটনাস্থলীত পথ অৱৰোধ কৰি সৰ্বানন্দ সোণোৱাল গ’ বেক, বিজেপি চৰকাৰ গ’ বেক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷