দৰং জিলাৰ ধুলা আৰক্ষী থানাত এজন শ্ৰমিকে আৰক্ষীৰ জিম্মাত ৰহস্যজনকভাৱে মৃত্যুবৰণ কৰা আৰু এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ যোৱা এজন নিৰীহ লোকে আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাব লগা হোৱা তথা কেইবাগৰাকী লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।
ঘটনাটোৰ উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত দাবী কৰাৰ লগতে দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা আৰু ভুক্তভোগীক উপযুক্ত ক্ষতিপূৰণ আদায়ৰো দাবী জনায় কংগ্ৰেছ সভাপতি গৰাকীয়ে। তেওঁ লগতে আহত লোকসকলৰ আশুআৰোগ্য কামনা কৰে আৰু তেওঁলোকক উপযুক্ত চিকিৎসা প্ৰদানৰ দাবী তোলে।
উল্লেখযোগ্য যে সভাপতিৰ নিৰ্দেশক্ৰমে প্ৰদেশৰ কংগ্ৰেছৰ এটি প্ৰতিনিধি দল কাইলৈ ধুলালৈ গৈ পৰিস্থিতিৰ বুজ ল’ব।
এক প্ৰেছ বিবৃতিৰ জৰিয়তে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় যে সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত অসমখন মানৱতাৰ বধ্যভূমিত পৰিণত হৈছে আৰু মানৱ অধিকাৰ উলংঘনৰ শেহতীয়া চূড়ান্ত নিদৰ্শন হ’ল ধুলা কাণ্ড।