নগাওঁৰ আমিৰুলক মৃত্যুদণ্ড

কালি নগাওঁ জিলাৰ ছলাপথাৰৰ যুৱক আমিৰুল ইছলামক কেৰেলা এৰ্নাকুলাম সত্ৰ আদালতে মৃত্যুদণ্ড বিহে। যুৱতীক বলাৎকাৰ কৰি হত্যা কৰাৰ অপৰাধতে কেৰেলাৰ আইনে এই চুড়ান্ত ৰায় প্ৰদান কৰে। লক্ষ্যণীয় যে আমিৰুলে ১০ বছৰ পূৰ্বে কামৰ সন্ধানত ঘৰৰ পৰা কেৰেলালৈ পলাই গৈ ৰাজমিস্ত্ৰী হিচাপে কাম কৰি আছিল। কৰ্মৰত সময়তে ২০১৬ চনৰ ২৮ এপ্ৰিলত কেৰেলাৰ কোচিৰ সমীপৱৰ্তী পেৰাম্বাবুৰ আইনৰ ছাত্ৰী এগৰাকী দলিত যুৱতীক বলাৎকাৰ কৰি পিছত হত্যাৰ দৰে জঘন্য ঘটনা সংঘটিত কৰিছিল। এই ঘটনাৰ পিছতে কেৰেলাৰ বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলি হত্যাকাৰী তথা বলাৎকাৰীক অতি শীঘ্ৰে চিনাক্ত কৰি ফাঁচী প্ৰদান কৰিবলৈ দাবী জনাইছিল। এই প্ৰতিবাদৰ পিছতে আমিৰুলে কেৰেলা এৰি আন ঠাইলৈ পলায়ন কৰিবলৈ বাধ্য হৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত চলায় আমিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ঘটনাৰ তদন্তৰ বাবে কেৰেলা আৰক্ষীয়ে অসমলৈ আহি নগাওঁ আৰক্ষীৰ সহযোগত বট্ৰৱাৰ ছলাপথাৰতো তদন্ত চলাইছিল। পিছত জেৰা চলোৱাত উপযুক্ত প্ৰমাণ পাবলৈ সক্ষম হয় আৰু যোৱা ১২ ডিচেম্বৰ তাৰিখে কেৰেলা এৰ্নাকুলাম সত্ৰ আদালতে দোষী সাব্যস্ত কৰি কালি মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰে। কেৰেলা আদালতে দিয়া এই ৰায়ক কেৰেলাৰ বিভিন্ন দল-সংগঠন তথা নগাওঁবাসীয়ে আদৰণি জনাইছে।

পৰিয়ালৰ লোকে জানিব দিয়া মতে আমিৰুলে ১২ বছৰ বয়সতে ঘৰ এৰি কলকাতাত বাস কৰিছিল আৰু পিছত কেৰেলাত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিব গৈছিল। কেৰেলাত এনে জঘন্য ঘটনা সংঘটিত কৰাৰ পিছত ঘৰলৈ মাত্ৰ এবাৰহে আহিছিল আৰু ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকক একো অৱগত কৰোৱা নাছিল বুলি কয়। মৃত্যুদণ্ডৰ খবৰ পোৱাৰ লগে লগে পৰিয়ালৰ লোক হতাশাত ভাঙি পৰিছে। আৰু কেৰেলা আদালতক মৃত্যুদণ্ডৰ পৰিৱৰ্তে যাৱজ্জীৱন কাৰাদণ্ড বিহিবলৈ কাতৰ অনুৰোধ জনায়।