নগা চুক্তি ৰাজহুৱা কৰা আৰু মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত তিনিচুকীয়াত কেইবাটাও সংগঠনৰ অৱস্থান ধৰ্মঘট

সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীক অন্ধকাৰত ৰাখি কৰা কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এন (আই এম)ৰ মাজৰ নাগা ফ্ৰেমৱৰ্ক চুক্তিৰ বিৰুদ্ধাচৰণ আৰু লগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত আজি তিনিচুকীয়াৰ বিভিন্ন দল-সংগঠনে এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। নাগা ফ্ৰেমৱৰ্ক চুক্তি ৰাজহুৱা কৰিবলৈ সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি, সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ তাই আহোম ছাত্ৰ সন্থাই চৰকাৰৰ ওচৰত দাবী জনায়। উল্লেখযোগ্য ১৯৯৭ চনৰ পৰাই কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত নাগাসকলৰ সমস্যা সমাধানৰ বাবে আলোচনা-বিলোচনা চলি আহিছিল। এই দীঘলীয়া প্ৰক্ৰিয়াৰ পৰিণামস্বৰূপেই যোৱা ২০১৫ চনৰ ৩ আগষ্টত কেন্দ্ৰ আৰু এন এছ চি এন (আই এম)ৰ মাজত এক ফ্ৰেইমৱৰ্ক চুক্তি হয়। কিন্তু এই চুক্তিত কি কি আছে, সেই কথা দুই পক্ষই গোপনে ৰাখিছে। ফলত উত্তৰ-পূৰ্বাঞ্চলৰ আন কেইখন ৰাজ্য, বিশেষকৈ অসম, অৰুণাচল, মণিপুৰৰ ৰাইজ, দল-সংগঠন উৎকণ্ঠিত হৈ আছে। কাৰণ জানিব পৰামতে প্ৰস্তাৱিত নাগালিমত অসম, মণিপুৰ, অৰুণাচলৰ বৃহৎ পৰিমাণৰ এলেকা অন্তৰ্ভুক্ত হোৱাৰ কথা। ইয়াৰ প্ৰতিবাদত অসমত বিভিন্ন দল-সংগঠনে বিভিন্ন কাৰ্য্যসূচী লৈ আহিছে। আজিৰ প্ৰতিবাদস্থলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজন নেতাই জনায়, ‘অসমৰ মাটি বৃহত্তৰ নাগালিমত অন্তৰ্ভূক্ত হোৱাটো আমি শক্তিশালীৰূপে বিৰোধিতা কৰি আহিছো। কেন্দ্ৰই নগা চুক্তি ৰাদহুৱা নকৰাটো এটা ডাঙৰ প্ৰশ্ন। আনহাতে অতিশীঘ্ৰে নগা ৰাজহুৱা কৰক।’