নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰাল পুননিৰ্মাণৰ আহ্বান পিপিএফএৰ

Nabin-library-570x320

নবীন চন্দ্ৰ বৰদলৈ পুথিভঁৰাল

গুৱাহাটীস্থ সংগঠন পেট্ৰিয়টিক পীপলছ ফ্ৰন্ট অফ আছাম (পিপিএফএ)য়ে গুৱাহাটীৰ ঐতিহাসিক নবীন চন্দ্ৰ বৰদলৈ হল ও পুথিভঁৰালটো গ্ৰন্থপ্ৰেমী আৰু সাধাৰণ ৰাইজৰ বাবে ৰাজ্য চৰকাৰক পুননিৰ্মাণ কৰি মুকলি কৰিবলৈ আহ্বান জনাইছে।

শতিকা পুৰণি  গাঁথনি, পূৰ্বতে লৰ্ড কাৰ্জন হল হিচাপে পৰিচিত ই বিগত শতিকাৰ বহু ঐতিহাসিক ঘটনাৰ সাক্ষী আৰু বহু অসমীয়া বিখ্যাত ব্যক্তিৰ লগতে ৰবীন্দ্ৰ নাথ ঠাকুৰ, পি চি ৰয়, আশুতোষ মুখাৰ্জী, সুভাষ চন্দ্ৰ বসু আৰু জয়প্ৰকাশ নাৰায়ণৰ দৰে ৰাষ্ট্ৰীয় মহানায়কে এইটো ভ্ৰমণ কৰিছিল। পিপিএফএৰ এক বিবৃতিত এইদৰে কোৱা হৈছে।

‘’এগৰাকী মহান অসমীয়া দেশপ্ৰেমিক, সামাজিক-ৰাজনৈতিক নেতা আৰু লিখক কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈৰ নামেৰে স্থাপিত পুথিভঁৰাল অনুষ্ঠানটোক আমি উপযুক্ত সন্মান দিবই লাগিব,’’-বিবৃতিটোত এইদৰে কোৱা হৈছে।

গুৱাহাটী পৌৰ নিগমে (জিএমচি) ১৯৬৯ চনত হলটো অধিগ্ৰহণ কৰি পুননিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও হেমাহি আৰু অৱহেলাৰ বাবে জহি খহি যোৱাহে পৰিলক্ষিত হ’ল।

‘’আমি পাহৰি যোৱা উচিত নহয় যে মহাত্মা গান্ধীয়ে নেতৃত্বত ভাৰতৰ স্বাধীনতা আন্দোলনৰ ই এক গুৰুত্বপূৰ্ণ অংশ আছিল য’ত কৰ্মবীৰ বৰদলৈয়ে কটন কলেজৰ ছাত্ৰসকলক স্বাধীনতা আন্দোলনত যোগদানৰবাবে আহ্বান জনাইছিল,’’-বিবৃতিটোত লগতে কোৱা হৈছে।

পিপিএফএ লগতে অসমৰ মহান দেশপ্ৰেমিকগৰাকীৰ সন্মানাৰ্থে পুথিভঁৰালটোৰ চৌহদত এটা পুৰ্ণাকৃতিৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবেও প্ৰস্তাৱ আগবঢ়াইছে।

পিপিএফএ ৰাজহুৱা পুথিভঁৰালটো বৰ্তমান স্থানৰ পৰা স্থানান্তৰিত কৰাৰ যিকোনো পদক্ষেপৰ বিৰোধিতা কৰিছে।